ETV Bharat / state

Hockey training camp inaugurated: অসম হকী সন্থাৰ উদ্যোগত দলগাঁৱত হকী প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ - Hockey training camp inaugurated in Dalgaon

দৰং জিলাৰ দলগাঁৱত আৰম্ভ হৈছে হকীৰ প্ৰশিক্ষণ শিবিৰ ৷ দলগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম হকী সন্থাৰ উদ্যোগত আৰু দৰং হকী সন্থাৰ সহযোগত যোৱা সোমবাৰৰ পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ।

Hockey training camp in Dalgaon
দলগাঁৱত হকীৰ প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Mar 14, 2023, 2:24 PM IST

দলগাঁও, ১৩ মাৰ্চ: হকী খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়াবিধৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যে দৰং জিলাৰ দলগাঁৱত আৰম্ভ হৈছে হকীৰ প্ৰশিক্ষণ শিবিৰ (Hockey training camp inaugurated in Dalgaon) ৷ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধীনত, অসম হকী সন্থাৰ উদ্যোগত আৰু দৰং হকী সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰৰ (Assam Hockey Association) ৷ যোৱা সোমবাৰৰ পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ ।

অসম হকী সন্থাৰ উদ্যোগত আৰু দৰং জিলা হকী সন্থাৰ সহযোগত প্ৰশিক্ষণ শিবিৰতে বিতৰণ কৰা হয় হকী খেলৰ সামগ্ৰী (Hockey kits distribution in Dalgaon)। প্ৰায় দুই লক্ষাধিক টকাৰ খেলৰ সামগ্ৰী বিতৰণ কৰে হকী সন্থাই । অসম চৰকাৰৰ অভিলাষী এক আঁচনিৰ অধীনত এই খেলৰ সামগ্ৰীসমূহ বিতৰণ কৰা হয় ৷ ভৱিষ্যতে আৰু অধিক সামগ্ৰীৰ প্ৰয়োজন হ'লে হকী সন্থাৰ তৰফৰ পৰা সামগ্ৰী যোগান ধৰা হ'ব বুলি জনায় সন্থাৰ বিষয়-ববীয়াই ৷

১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব হকীৰ । দলগাঁও অঞ্চলত হকীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভা সমূহক আগুৱাই নিবলৈ এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জনালে উদ্যোক্তা সকলে ৷ লগতে অসমক দেশৰ প্ৰথম তিনিখন ক্ৰীড়া ৰাজ্যত উপনীত হোৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আৰু ৰাজ্যত এটা সুস্থ ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে দলগাঁৱৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি অহা হৈছে বুলি জনায় ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে ৷

খেলৰ সামগ্ৰীবিতৰণ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত ছাত্ৰ আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি ,প্ৰশিক্ষক,খেলুৱৈ উপস্থিত থাকে ।

দৰং জিলা হকী সন্থাৰ সম্পাদক দিলৱাৰ হুছেইনৰ নেতৃত্ব আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰৰ । প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানটিত তিনি শতাধিক অভিভাৱক আৰু প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।

লগতে পঢ়ক : Honeycomb on tree: এজোপা গছৰ বৃহৎ মৌচাকে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰকৃতিপ্ৰেমীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.