ETV Bharat / state

দৰঙৰ এখন কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

দৰং জিলাৰ দলগাঁও ৰোহিনীকাষ গাঁৱৰ আদৰ্শ বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি । আৰক্ষীৰ লাঠীচালনা । লাঠীচালনাত আঘাতপ্ৰাপ্ত কেইবাগৰাকীও লোক । শিশু আৰু গৰ্ভৱতী মহিলাৰ কাৰণে খাদ্য যোগান নধৰাত উত্তপ্ত হৈ পৰে কোৱাৰেণ্টাইন চেণ্টাৰখন । পিচত ঘটনাস্থলীত দলগাওঁ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

Heated situation at a quarantine center in Darrang

author img

By

Published : Jun 19, 2020, 9:01 PM IST

দৰং, 19 জুনঃ সমগ্ৰ দেশৰ লগতে ৰাজ্য়ৰ দৰং জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে । যাৰ ফলত জিলাখনৰ লোকৰ মাজত বিৰাজ কৰি আছে এক আতংকময় পৰিৱেশৰ । আনহাতে কিছুক্ষেত্ৰত বিভাগৰ ফালৰ পৰা হোৱা কিছু ভুলৰ বাবেই জিলাখনত গণ সংক্ৰমণ হোৱাৰ উপক্ৰম হৈছে ।

দৰঙৰ এখন কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

তেনে সময়তে দৰং জিলাৰ দলগাঁও ৰোহিনীকাষ গাওঁৰ আদৰ্শ বিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হৈছে এক উত্তপ্তময় পৰিস্থিতিৰ । আৰক্ষীয়ে কৰিব লগা হৈছে লাঠী চার্জ । যাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও লোক । শিশু আৰু গৰ্ভৱতী মহিলাৰ কাৰণে খাদ্য যোগান নধৰাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কোৱাৰেণ্টাইন চেণ্টাৰখনত । পিচত ঘটনাস্থলীত দলগাঁও চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

কিন্তু চৰকাৰী নিয়ম মতে খাদ্য যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা লয় সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে চাওকঃ শিৱসাগৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ গাদীক লৈ শীতল যুদ্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.