ETV Bharat / state

ভূতবাংলাত পৰিণত হৈছে খাৰুপেটীয়াৰ এটা উপস্বাস্থ্য কেন্দ্ৰ

দৰঙৰ দলগাঁও সমষ্টিত স্বাস্থ্য বিভাগৰ পঁয়ালগা ছবি । নিৰ্মাণৰ ৭ বছৰৰ পিছতো মুকলি নহ'ল সমষ্টিটোৰ খাৰুপেটীয়াৰ এটা উপস্বাস্থ্য কেন্দ্ৰ। সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে উপস্বাস্থ্য কেন্দ্ৰটো ৷

author img

By

Published : Jun 3, 2021, 9:32 PM IST

health-centrer-stays-unused-for-7-long-years
ভুতবাংলাত পৰিণত হৈছে খাৰুপেটীয়াৰ এটা উপস্বাস্থ্য কেন্দ্ৰ

দলগাঁও, ২ জুন: খাৰুপেটীয়াত দেখা গ’ল স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ । খাৰুপেটীয়াৰ মণ্ডলপাৰা উপস্বাস্থ্য কেন্দ্ৰই উদঙাই দিছে দৰঙৰ দলগাঁও সমষ্টিত অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ নগ্ন ছবি । বিভাগটোৰ খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মণ্ডলপাৰা গাঁৱত ৭ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল উপ স্বাস্থ্য কেন্দ্ৰটো ।

আশ্চৰ্যজনকভাবে, আজিলৈ ৰাইজৰ বাবে মুকলি কৰা নহ'ল উক্ত কেন্দ্ৰটো । ফলত দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসী ৰাইজে । উল্লেখ্য যে, ২০১৪ চনত উপস্বাস্থ্য কেন্দ্ৰটো স্থাপন কৰাৰ পিছৰ পৰাই আছে কেন্দ্ৰটো পৰিত্যক্ত অৱস্থাত আছে । মাথো এয়াই নহয় লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটোৰ খবৰ ল'বলৈকো আহৰি নাই বিয়াগোম বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ ।

ভূতবাংলাত পৰিণত হৈছে খাৰুপেটীয়াৰ এটা উপস্বাস্থ্য কেন্দ্ৰ

ফলস্বৰূপে, এতিয়া ভূত বাংলাত পৰিণত হৈছে খাৰুপেটীয়াৰ নিকটৱৰ্তী মণ্ডলপাৰা গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰটো । কেন্দ্ৰটোত চিকিৎসক-নাৰ্চ নিযুক্তি দি চিকিৎসা সেৱা উপলব্ধ কৰাৰ বাবে স্থানীয় লোকে দাবী জনাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে নৱ নিৰ্বাচিত বিধায়ক মজিবৰ ৰহমানক ।

লগতে পঢ়ক :‌উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.