দৰং, 19 মে’: বছৰটোৰ প্ৰথমটো বানত বৃহস্পতিবাৰে দৰং জিলাৰ কেবাখনো নতুন গাঁও প্লাবিত হ’ল (Flood in Darrang)। বৰ্তমানলৈকে জিলাখনৰ দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৫৩ খন গাঁও বানৰ কবলত পৰিছে আৰু ৬১৭৩৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে । উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ১০৩৭৮.৯০ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে ।
তদুপৰি ১২৪৯৯৪ টা পশুধন বানৰ কবলত পৰিছে । মঙলদৈ, দলগাঁও আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত মুঠ ২৪ টা সাহাৰ্য শিৱিৰ ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে । এই সাহাৰ্য শিবিৰসমূহত ৬৬ জন বানাক্ৰান্ত লোকক আশ্ৰয় প্ৰদান কৰা হৈছে । মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঠেকেৰাবাৰীৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ প্ৰায় এক কিলোমিটাৰ অংশ বানৰ কবলত পৰে । মঙলদৈ চহৰৰ ষ্টেডিয়ামলৈ(Mangaldai Stadium) যোৱা পথটো বানে প্লাবিত কৰে (Flood in Mangaldai) ।
দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ(DC of Darrang district) নিৰ্দেশমৰ্মে বানাক্ৰান্ত লোকসকলক খাদ্যবস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে । তদুপৰি জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বানত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথসমূহ সাময়িকভাৱে মেৰামতিৰ বাবে প্ৰচেষ্টা লোৱা হৈছে । স্বাস্থ্য বিভাগৰ দ্বাৰা বানাক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে আঠটাকৈ মেডিকেল টীম নিয়োগ কৰা হৈছে ।
লগতে পঢ়ক: সংকটত অসম: বানৰ সমান্তৰালৈ বন্যহস্তীৰ তাণ্ডৱ