ETV Bharat / state

মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..! - ছহিদ মোজাম্মিল হক

1957 চনৰ 14 জুনত মঙলদৈৰ এটি সংস্কৃতিৱান সম্ভ্ৰান্ত পৰিয়ালত নাছিৰুদ্দিন আহমেদৰ ঔৰসত আৰু ধর্মপৰায়ণা মহিলা হামিদা বেগমৰ গর্ভত মোজাম্মিল হকৰ জন্ম হয় ৷ পাঁচগৰাকী ভাই-ককাইৰ ভিতৰত তেওঁ আছিল তৃতীয়..

মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল
মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল
author img

By

Published : Jan 9, 2020, 8:39 PM IST

Updated : Jan 9, 2020, 11:45 PM IST

দৰং, 9 জানুৱাৰীঃ যিগৰাকী ছাত্ৰই আত্মবলিদান দি অসমীয়া ভাষাক মাধ্যম হিচাপে ওভতাই অনাত অৰিহনা যোগাইছিল সেইজনা ছহিদৰ নামত তাহানিৰ চৰকাৰে কটন বিশ্ববিদ্যালয়ত স্মৃতিৰ সাক্ষৰ হিচাপে এটি ছাত্ৰবাস বনায় ৷ ভাষা আন্দোলনৰ প্ৰথম ছহিদগৰাকীৰ প্ৰতি ইমানতেই কৰণীয় সমাপ্ত সদৌ অসম ছাত্ৰ সন্থা বা চৰকাৰৰ ৷

72ৰ ভাষা আন্দোলনৰ প্ৰথম ছহিদ মোজাম্মিল হক

গুৱাহাটী আৰু ডিব্রুগড় বিশ্ববিদ্যালয় দুখনে শিক্ষাৰ মাধ্যম আঞ্চলিক ভাষা অসমীয়া কৰিবলৈ যুক্তিসন্মত সিদ্ধান্ত লোৱাৰ লগে লগেই 1972 চনত বিভীষিকা আহি পৰিল ৷ অসম বিধানসভায়ো 1972 চনৰ 23 ছেপ্টেম্বৰত কাছাৰৰ কাৰণে সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাত ছাত্ৰ সন্থাই সমগ্ৰ অসমত ছাত্ৰ আৰু ৰাইজক সজাগ কৰি আন্দোলনৰ কার্যপন্থা গ্ৰহণ কৰে ৷ এই আন্দোলনৰ প্ৰভাৱ দৰঙৰ মঙলদৈতো পৰিল ৷ 1972 চনৰ 5 অক্টোবৰ, অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সেইদিনা মঙলদৈ চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফুলকুমলীয়া মোজাম্মিল হকেও আন স্কুলীয়া স্বেচছাসেৱকৰ লগত 18 কিঃমিঃ আঁতৰৰ খাৰুপেটীয়াত পিকেটিং কৰিবলৈ গৈছিল ৷ তাতেই এচাম দুৰ্বৃত্তৰ হাতত প্ৰহৃত হৈ 6 অক্টোবৰৰ দিনা সকলোকে কন্দুৱাই মোজাম্মিল গুচি গৈছিল অচিন-অজান দেশলৈ ৷

মাত্ৰ 15 বছৰ বয়সত চিৰ চেনেহী ভাষা জননীৰ পূজাৰ বেদীত প্ৰাণ আহুতি দিয়া 72ৰ ভাষা আন্দোলনৰ প্ৰথম ছহিদ মোজাম্মিলৰ এই ত্যাগ অসাৰ প্ৰতিপন্ন হ'ল ৷ ছহিদৰ ত্যাগক কাহানিও স্মৰণ নকৰা খোদ সদৌ অসম ছাত্ৰ সন্থায়ো এই ক্ষেত্ৰত অতি অনাসক্ত পদক্ষেপ গ্ৰহণ কৰে ফলত আজি এগৰাকী ছহিদ ভাতৃ হিচাপে আক্ষেপ অনুভৱ কৰে ছহিদ মোজাম্মিল হ'কৰ জেষ্ঠ ভাতৃ নৰুল হ'কে ৷

লগতে পঢ়ক: ৰাজ্যজুৰি আছুৰ ৰণশিঙা প্ৰতিবাদ

Intro:১৯৭২ চনৰ ৫ অক্টোবৰত মঙলদৈৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্টম শ্ৰেণীৰ ছাৰ্ত্ৰ মোজাম্মিল হকৰ নৃশংস হত্যাৰ কৰুন ইতিহাসে আজিও দৰঙ বাসীৰ ৰাইজৰ হৃদয়ত এক প্ৰতি শোধৰ ঝংকাৰ তোলে৷Body:১৯৭২ চনৰ ৫ অক্টোবৰত সদৌ অসম ছাৰ্ত্ৰ সন্হাৰ আহ্বানত অসমীয়া ভাষাক মাধ্যম হিচাপে প্ৰতিষ্ঠিত কৰাৰ দাবীত অসম বন্ধ দিছিল৷এই বন্ধ সফল কৰি তোলাৰ বাবে তৎপৰ হৈ পৰিছিল ছাৰ্ত্ৰ নেতা সকল৷কিন্তু খাৰুপেটীয়াত অসমীয়া ভাষা বিৰোধীয়ে চলোৱা ষড়যন্ত্ৰ মূলক প্ৰচেষ্টাক বাধা আৰোপ কৰা লগতে দলটিয়ে খাৰুপেটীয়াৰ দোকান পোহাৰ বন্ধ কৰিবলৈ আগবাঢ়ী যাওতেই ভাষা বিৰোধী চক্ৰটোৱে যাঠি জোং আদিৰে জপিয়াই পৰে ছাৰ্ত্ৰ দলটোৰ ওপৰত আৰু নিৰ্মম ভাবে প্ৰহাৰ কৰে যাৰ ফলত ৬ অক্টোবৰত চিকিৎসায়ত মৃতু্ ক সাবতি লয় ছহিদ মোজাম্মিল হকে
Byte_নৰুল হক, মোজাম্মিল হকৰ ককাইয়েক
Vo_অষ্ঠম শ্ৰেণীৰ এই কিশোৰজনৰ স্মৃতি অসমৰ প্ৰত্যেক জন নাগৰিকৰে বাবে স্মৃতিৰপটত থাকিবলগীয়া,যি গৰাকী ছাৰ্ত্ৰই আত্মবলিদান দি অসমীয়া ভাষাক মাধ্যম হিচাপে ওভতাই অনাত যি অৰিহনা যোগাইছিল সেৱা সচাকৈয়ে মৰ্মান্তিক তথা অবিস্মৰনীয়৷কিন্তু এই ছহীদৰ কৰুন ইতিহাসৰ কথা আজি অসমীয়া জাতি জাতীয় সংগঠন কিম্বা চৰকাৰৰ ভাবিবৰ আহৰি নাই, বেদনাদায়ক, নৃশংস হত্যাৰ ঘটনা প্ৰায় লুপ্তপ্ৰায় দৰঙ তথা অসমত৷অৱশ্যে গুৱাহাটী কটন বিশ্ববিদ্যালয়ত স্মৃতিৰ সাক্ষৰ বহন কৰি আছে এটি ছাৰ্ত্ৰাবাসে৷আত্মবলিদানৰ এই বিৰল ঘটনাটো পাহৰনিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰমত কাৰো উদ্বেগ নাই,যাৰ বাবে নতুন প্ৰজন্মৰ বাবে আজিও অচিনাকি তথা সাথৰ ৷কিন্তু এই ছহীদৰ কৰুন ইতিহাসৰ কথা আজি অসমীয়া জাতি জাতীয় সংগঠন কিম্বা চৰকাৰৰ ভাবিবৰ আহৰি নাই, বেদনাদায়ক, নৃশংস হত্যাৰ ঘটনা প্ৰায় লুপ্তপ্ৰায় দৰঙ জিলা তথা অসমত৷অৱশ্যে গুৱাহাটী কটন মহাবিদ্যালয়ত স্মৃতিৰ সাক্ষৰ বহন কৰি আছে এটি ছাৰ্ত্ৰাবাসে৷আত্মবলিদানৰ এই বিৰল ঘটনাটো পাহৰনিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰমত কাৰো উদ্বেগ নাই,যাৰ বাবে নতুন প্ৰজন্মৰ বাবে আজিও অচিনাকি তথা সাথৰ ৷
Byte_নৰুল হক, মোজাম্মিল হকৰ ককাইয়েক
Vo_মোজাম্মিল হকৰ স্মৃতিত মঙলদৈত এখন ছহিদ উদ্যান আছিল যদিও বৰ্তমান উদ্যানখনো অস্তিত্বৰ সংকটত৷মাৰ্ত্ৰ আছুই কেই বছৰৰ মানৰ পৰা মঙলদৈ এখন গন্হ মেলা পাতিয়ে দায় সামেৰিছে৷অবশ্যে তেজপুৰত বৰ্তমানেও পদুম পুখুৰী পাৰত মোজাম্মিল হকৰ স্মৃতিৰ বহন কৰি ৰাখিচে
Byte_নৰুল হক, মোজাম্মিল হকৰ ককাইয়েক
Vo_এতিয়া চৰকাৰ কিম্বা জাতীয় দল সংগঠনে স্বহীদ গৰাকীৰ ওপৰত কিবা ব্যৱস্হা গ্ৰহন কৰিবনেConclusion:Debabrat goswami.Darrang
Last Updated : Jan 9, 2020, 11:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.