ETV Bharat / state

নাহিল ১০৮ ! ঠেলাতে চিকিৎসালয়লৈ নিলে ৰোগীয়া পুত্ৰক

author img

By

Published : Apr 14, 2020, 12:31 PM IST

Updated : Apr 14, 2020, 2:10 PM IST

লক্ ডাউনৰ মাজতেই দৰং জিলাত ১০৮ এম্বুলেঞ্চ সেৱাৰ ফোপোলা স্বৰূপ । দৰঙৰ মংগলদৈত উপায়ন্তৰ হৈ ঠেলাতে ৰোগীয়া পুত্ৰক চিকিৎসালয়লৈ নিলে পিতৃয়ে ।

নাহিল ১০৮ ! ঠেলাতে চিকিৎসালয়লৈ নিলে ৰোগীয়া পুত্ৰক
নাহিল ১০৮ ! ঠেলাতে চিকিৎসালয়লৈ নিলে ৰোগীয়া পুত্ৰক

দৰং, ১৪ এপ্ৰিলঃ দৰঙৰ মংগলদৈত মৰ্মান্তিক দৃশ্য । ১০৮ এম্বুলেঞ্চ সেৱালৈ বাট চাই-চাই অৱশেষত ৰোগীয়া পুত্ৰক ঠেলাত কঢ়িয়াই চিকিৎসালয়লৈ নিলে দুৰ্ভগীয়া পিতৃয়ে । লক্ ডাউনৰ মাজতেই মংগলদৈৰ প্ৰফুল্ল নগৰত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো ।

তীব্ৰ জ্বৰ আৰু কাহত আক্ৰান্ত হৈছিল অমৃত চৰকাৰ নামৰ যুৱক জন । ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ যত্ন কৰা হয় যদিও ১০৮ এম্বুলেঞ্চলৈ বাট চাই-চাই অৱশেষত ঠেলাৰেই মংগলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় ৰোগীগৰাকীক ৷ জানিব পৰা মতে, কৰ্ম সূত্ৰে ধুবুৰীত আছিল যুৱকজন ৷ ধুবুৰীৰ পৰা ঘৰ আহি পোৱা পিচতে যুৱক জনৰ অধিক শাৰীৰিক অৱনতি ঘটে ।

ৰোগীয়া পুত্ৰক ঠেলাতে চিকিৎসালয়লৈ নিলে পিতৃয়ে

চিকিৎসালয়লৈ নিবলৈ বাৰম্বাৰ ১০৮ লৈ ফোন কৰি মতাৰ পিচতো নহাত শেষত উপায়ন্তৰ পিতৃ অন্নাথ চৰকাৰে ঠেলাতেই পুত্ৰক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যাবলৈ বাধ্য হয় ৷

Last Updated : Apr 14, 2020, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.