দলগাঁও,২১ মে': এফালে যদি লক ডাউন, আনফালে আৰক্ষীৰ লাঠীৰ ভয় ৷ পাচলিৰ বজাৰত নাই ক্ৰেতা, নাই পাচলিৰ উপযুক্ত দাম ৷ আংশিক লক ডাউন আৰু আৰক্ষীৰ লাঠীৰ ভয়ত উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি হতাশাত ভাগি পৰিছে খাৰুপেটীয়াৰ কৃষকসকল । উল্লেখ্য যে, চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউন আৰু সান্ধ্য আইনত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে খাৰুপেটীয়াৰ কৃষকসকল ।
আংশিক লক ডাউনৰ ফলত বিভিন্ন জিলাৰ লগতে দৰঙৰ দলগাঁও সমষ্টিৰ কৃষকসকলৰ উৎপাদিত পাচলি চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত বজাৰত বিক্ৰী কৰিব নোৱাৰি পেলাবলগীয়া হোৱাত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
বৰ্তমান খাৰুপেটীয়াৰ বালুগাঁও পাচলি বজাৰত পানীতকৈ কম দামত বিক্ৰী হৈছে কৃষকৰ উৎপাদিত বিলাহী, জিকা, ভোল, তিঁয়হ, ভেন্দী, বেঙেনা, কেৰেলা, জলকীয়া, স্কোৱাচ আদি পাচলিসমূহ ৷ এনে পৰিস্থতিত এইসকল খাটি খোৱা কৃষকৰ খবৰ ল’বলৈ আহৰি হ’বনে অসম চৰকাৰ তথা কৃষি বিভাগৰ, সেয়াহে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় ৷
লগতে পঢ়ক : জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চক