ETV Bharat / state

উপায়ুক্তৰ জাল চহীৰে ভুৱা নিযুক্তি দি ৰঙাঘৰত সোমাল যুৱক - ভুৱা নিযুক্তি পত্ৰ দি দৰং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ

দৰঙৰ জিলাত সংঘটিত হৈছে এটা অভাৱনীয় ঘটনা ৷ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জাল চহীৰে মঙলদৈ গেৰিমাৰীৰ আমিনা বেগম নামৰ মহিলা এগৰাকীক নিযুক্তি দি গ্ৰেপ্তাৰ হ’ল এজন । চাকৰি দিয়াৰ প্ৰলোভনেৰে মোটা অংকৰ ধন সংগ্ৰহ কৰি ভুৱা নিযুক্তি পত্ৰ দি দৰং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ছিপাঝাৰৰ প্ৰণৱ চহৰীয়া ।

FAKE APOINT
দৰঙৰ উপায়ুক্তৰ জাল চহীৰে ভুৱা নিযুক্তি দি এজন গ্ৰেপ্তাৰ
author img

By

Published : May 8, 2021, 5:00 PM IST

দৰং, ৮ মে': দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে প্ৰলোভন দেখুৱাই চাকৰিৰ বজাৰ মেলিছে দৰং জিলাত । শনিবাৰে দৰং আৰক্ষীয়ে তেনে এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকটোৰ নাম প্ৰণৱ চহৰীয়া ।

প্ৰাপ্ত তথ্য অনুসৰি, ধৃত প্ৰণৱ চহৰীয়াই দৰঙৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ জাল চহীৰে মঙলদৈ গেৰিমাৰীৰ আমিনা বেগম নামৰ মহিলা এগৰাকীক নিযুক্তি দিছিল । কম্পিউটাৰ ফাইল নিৰীক্ষক হিচাপে নিযুক্তি দি মহিলাগৰাকীৰ দৰমহা, অংশকালীন সময়সীমা আৰু কৰ্মৰ সময়ো নিৰ্ধাৰণ কৰি ভুৱা নিযুক্তি পত্ৰ দিছিল প্ৰৱঞ্চকজনে । যেতিয়া মহিলাগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহে তেতিয়া ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহে ।

FAKE APOINT
দৰঙৰ উপায়ুক্তৰ জাল চহীৰে ভুৱা নিযুক্তি দি এজন গ্ৰেপ্তাৰ

উল্লেখ্য যে, প্ৰণৱ চহৰীয়াই জিলাখনৰ প্ৰায় ১০ গৰাকী যুৱক-যুৱতীৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল । অৱশেষত আমিনা বেগমে নিজৰ কৰ্তব্যত যোগদান কৰিবলৈ অহাত হে জোলোঙাৰ মেকুৰী ওলাই পৰে । সম্প্ৰতি ধৃত প্ৰণৱ চহৰীয়াক মঙলদৈ থানাত সোধ-পোচ অব্যাহত ৰাখিছে । সন্ধিয়ালৈ জেল হাজোতলৈ প্ৰেৰণৰো সম্ভাৱনা আছে প্ৰণৱ চহৰীয়াক ।

লগতে পঢ়ক: খাকী পোচাকত কালিমা: আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.