দৰং, ১৭ জুন: জলসম্পদ বিভাগ(Water resource) তথা চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে দৰঙৰ বৰমপুৰবাসীয়ে । বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত ননৈ নদীৰ জৰাজীৰ্ণ মথাউৰি(Embankment) সঠিকভাৱে মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । কিছু অংশ মেৰামতি কৰিছে যদিও এতিয়াও মথাউৰিটোৰ বহু অংশ জৰাজীৰ্ণ অৱস্থাতে আছে ।
সেয়ে, পুনৰ ননৈ নদী(NONOI RIVER)ৰ বানে(FLOOD) সৰ্বস্বান্ত কৰাৰ আশংকাত ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে নৈপৰীয়া ৰাইজ । বৃহস্পতিবাৰে নদীৰ পাৰত নাম-কীৰ্তন, পূজা কৰি আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ ভগৱানক আহ্বান জনালে বৰমপুৰবাসীয়ে ৷
লগতে কলৰ ভুৰত চাকি, শৰাই আদি আগবঢ়াই ননৈ নদীত উটুৱাই দিয়ে ৷ প্ৰতি বছৰে এনেদৰে ননৈ নদীক ৰাইজে পূজা-অৰ্চনা কৰি আহিছে । গাঁৱৰ ৰাইজে বিশ্বাস কৰে যে, এনেদৰে নদীত পূজা আগবঢ়ালে ননৈ নদীয়ে কালৰূপ ধাৰণ নকৰে আৰু সকলো লোক সুৰক্ষিত হৈ থাকিব ।
আনহাতে, নৈপৰীয়া ৰাইজে বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো সঠিকভাৱে মথাউৰিটো নিৰ্মাণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে । কিয়নো বাৰিষা নদীত পানী বাঢ়িলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।
জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা(Piyush Hazarika)ই ৰাজ্যৰ মথাউৰিৰ সবলীকৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ননৈৰ পাৰত বাস কৰা ৰাইজে এনেদৰে পূজা-অৰ্চনা কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷