ETV Bharat / state

সন্ধিয়াৰ লগে লগে অন্ধকাৰে গ্ৰাস কৰিব অসমৰ এখন চহৰ

author img

By

Published : Jun 24, 2021, 8:22 PM IST

সন্ধিয়াৰ লগে লগেই এতিয়া অন্ধকাৰৰ কবলত পৰিব মঙলদৈ চহৰ । মঙলদৈ পৌৰ সভাই বিজুলী বিভাগক দিবলগীয়া মুঠ ৫২,৪৩,৯৯৮ টকাৰ বিল পৰিশোধ নকৰাৰ পৰিণতিত কৰ্তন হ’ল বিজুলী সংযোগ । এই সম্পৰ্কত পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷

electricity-board-decided-to-cut-its-electricity-connection-in-mangaldai-town-resulting-unpaid-bill-by-municipal-board
সন্ধিয়াৰ লগে লগে অন্ধকাৰে গ্ৰাস কৰিব অসমৰ এখন চহৰ

দৰং, 24 জুন : কোনো দুৰ্গম অঞ্চল নহয়, সন্ধিয়া হ’লেই এতিয়া ঘোৰ অন্ধকাৰে গ্ৰাস কৰিব ৰাজ্যৰ এখন অন্যতম চহৰক ৷ পূৰ্বৰ দৰে এতিয়া নিয়ন লাইট(Street light)ৰ পোহৰে সন্ধিয়া হ’লেই পোহৰাই তুলিব নোৱাৰে চহৰখন ৷ মুঠ দহটা ওৱাৰ্ডেৰে গঠিত চহৰখনৰ প্ৰতিটো ৱাৰ্ডেই এতিয়া বেলি-ডুবাৰ লগে লগেই অন্ধকাৰত ডুব গৈ থাকিব, নাথাকিব কোনো প্ৰাণোচ্ছল সন্ধিয়াৰ মাদকতা নাথাকিব ৰাতিৰ আন্ধাৰত চহৰ বাসীৰ নিৰাপত্তা ৷ এই বিপৰ্যয়ৰ সন্মুখীন হৈছে দৰং জিলাৰ সদৰ(district headquarter of Darrang) মঙলদৈ চহৰ ৷

উল্লেখযোগ্য যে, মঙলদৈ চহৰৰ পৌৰসভাই(municipality board) ৰাজ্যৰ বিজুলী বিভাগক বিজুলীৰ বিল হিচাপে পৰিশোধ কৰিবলৈ বাকী আছে বৃহৎ পৰিমাণৰ ধন ৷ সৰ্বমুঠ 52,43,998 টকাৰ অনাদায় বিজুলী বিল পৌৰসভাই আদায় নিদিয়া পৰ্যন্ত এতিয়া বিজুলী বিভাগে(electricity department ) কৰ্তন কৰি থৈছে চহৰখনৰ বিজুলী সংযোগ ৷ যাৰ ফলত এতিয়া জীয়াতু ভোগ কৰিব লগীয়া হৈছে চহৰখনৰ সৰ্ব-সাধাৰণ ৰাইজে ৷

ইফালে, এই বিসংগতিৰ পিছত জাঙুৰ খাই উঠিছে চহৰখনৰ সচেতন মহল তথা সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকল ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সদৌ অসম ছাত্ৰ সন্থা(All Assam Students' Union ) ৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশীয়ে চহৰখনৰ পৌৰসভাক তীব্ৰভাষাৰে সমালোচনা কৰে ৷

চহৰখনৰ পৌৰ সভা সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ নেতা গৰাকীয় কয় যে, পৌৰসভাই ওৱাৰ্ড সমূহৰ পৰা প্ৰাপ্ৰ ৰাজহ সংগ্ৰহত ব্যৰ্থ হৈছে ৷ কোনো কোনো ব্যক্তি, তথা ব্যৱসায়িক গোষ্ঠীৰ সৈতে থকা গোপন মিতিৰালিৰ বাবেই এতিয়া চহৰখনৰ পৌৰসভাই প্ৰাপ্য ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ পৰিণতিতেই এতিয়া বিজুলী বিভাগৰ প্ৰাপ্য বিল আদায় দিব পৰা নাই পৌৰসভাই ৷ ইফালে, পৌৰ-সভাৰ এনে বিসংগতিৰ বাবেই এতিয়া চহৰখনত অনৈতিক কাৰ্য তথা অপৰাধ সংঘটিত হোৱাৰো আশংকা প্ৰকাশ কৰিছে চহৰখনৰ সচেতন মহলে ৷

লগতে পঢ়ক : তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.