দৰং, 24 অক্টোবৰ: প্ৰতিবছৰেই মহাষ্টমীৰ দিনটোত শক্তি পূজাৰ বাবে বলি বিধান চলি অহা দৰঙৰ মঙলদৈৰ ঐতিহাসিক ভেৱাৰঘাটৰ পূজাথলী এইবাৰ বিৰত থাকিল বলি বিধানৰ পৰা ৷ ক'ৰণা অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বলি বিধানৰ পৰা বিৰত থাকিল এই পূজাথলী ৷ ইয়াৰ উপৰিও দৰঙৰ অধিকাংশ পূজাথলীতেই এইবাৰ দেখা ন'গল দুৰ্গাৰ মৃণ্ময় মূৰ্তি ৷ মৃণ্ময় মূৰ্তিৰ পৰিৱৰ্তে এইবাৰ দৰঙৰ অধিকাংশ পূজাতেই পৰিলক্ষিত হ'ল দেৱ-দেৱীৰ ফটো ৷
ক'ৰণা অতিমাৰীৰ পাছতেই শুকুৰবাৰৰ দিনটোত হোৱা বৰষুণে যেন অধিক ম্লান পেলালে দৰঙত দুৰ্গা পূজাৰ উচাহ ৷ পূৰ্বৰ আনন্দ উৎসৱৰ পৰিৱৰ্তে অন্য ঠাইসমূহৰ দৰে এইবাৰ দৰঙতো পৰিলক্ষিত হৈছে দূৰ্গা পূজাৰ ব্যতিক্ৰমী দৃশ্য ৷ মহাষ্টমীৰ দিনটোত মহা আয়োজনৰ পৰিৱৰ্তে দৰঙত দেখা গ'ল পূজাৰ অনুষ্টুপীয়া আয়োজন ৷
দৰঙৰ ভিন্ন প্ৰান্ত যেনে ভেৱাৰঘাট, কৰিম চক, শান্তিপাৰা, ছিপাঝাৰ,পাপাথৰিঘাট, দুনী দিপীলা, হাজৰিকাপাৰা, মেনাপাৰা, বেজপাৰা, আউলাচৌকা, পুলিচ ৰিজাৰ্ভ আদিকে সামৰি সমগ্ৰ জিলাতে অনুষ্টুপীয়াকৈ আয়োজিত কৰা হৈছে দুৰ্গা পূজা । প্ৰায় সকলো পূজাতেই পৰিহাৰ কৰা হৈছে জাক জমকতা । তথাপি জাক জমকতা অবিহনেই বৈদিক ৰীতি নীতিৰে সকলো ৰাইজেই উপাসনা কৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক ৷
লগতে পঢ়ক: মহাষ্টমী : শিৱসাগৰত ভক্তৰ ভিৰ হ্ৰাস