ETV Bharat / state

খাৰুপেটীয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

author img

By

Published : May 25, 2021, 5:47 PM IST

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ দৰং আৰক্ষী । পুনৰ জিলাখনত ড্ৰাগছ সহ এজনক আটক । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত চলা অভিযানত হাস্পতাল ৰোডৰ পৰা আটক কৰে সৰবৰাহকাৰী জনক । লগতে জব্দ ১২ টাকৈ ক্ষুদ্ৰ কন্টেইনাৰ সহ নগদ ৫ হাজাৰ টকা ।

DRUGS PEDDLER
খাৰুপেটীয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

দৰং, ২৫মে': ৰাজ্যৰ ভিন্ন প্ৰান্ত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । দৰং জিলাত ধাৰাবাহিক ভাৱে চলি আছে এনেধৰণৰ অভিযান । সোমবাৰে নিশা পুনৰ আৰক্ষীয়ে জিলাখনৰ খাৰুপেটীয়াত অভিযান চলাই আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ।

DRUGS PEDDLER
খাৰুপেটীয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

জানিব পৰা মতে খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত চলা অভিযানত হাস্পতাল ৰোডৰ পৰা আটক কৰে সৰবৰাহকাৰীজনক । খাৰুপেটীয়াৰ নগাজান গাঁৱৰ ওৱাহেদুৰ জামানক আটক কৰাৰ লগতে ১২টাকৈ ক্ষুদ্ৰ কন্টেইনাৰত নিষিদ্ধ ড্ৰাগছ আৰু নগদ পাঁচ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ।

আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই যোগদান কৰাৰ পিছতে জিলাখনত ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যি অভিযান অব্যাহত ৰাখিছে তাক দৰং জিলাবাসীয়ে আদৰণি জনাইছে ।

লগতে পঢ়ক:কৰিমগঞ্জত নিচাজাতীয় টেবলেটসহ আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.