ETV Bharat / state

সামাজিক বাধাৰ প্ৰাচীৰ ভাঙি আজি আত্মনিৰ্ভৰশীল এদল মহিলা

কৰ্মই আমাৰ ধৰ্ম ৷ একাংশ মহিলাই দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন । গাহৰি পালন কৰি আত্মনিৰ্ভৰশীল হৈছে এই কেইগৰাকী মহিলাই ৷ প্ৰতি মাহে ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা উপাৰ্জন কৰে তেওঁলোকে ৷

author img

By

Published : Jul 29, 2020, 8:31 AM IST

drrang-self-independent-woman-our-socity
সমাজৰ বাধাৰ প্ৰাচীৰ ভাঙি আজি এদল মহিলা আত্মনিৰ্ভৰশীল

মঙলদৈ, 29 জুলাই : অসমত গাহৰি মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে , ইতিমধ্যে গাহৰি মাংসৰ এখন বৃহৎ বজাৰ গঢ়লৈ উঠিছে অসমত ৷ যাৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হৈ উঠিছে ৷ কিন্তু অসমত এতিয়া গাহৰিৰ পালন আৰু বিক্ৰীৰ ক্ষেত্ৰত আফ্ৰিকান ছোৱাইন ফিভাৰ হেঙাৰ হৈ দেখা দিছে ৷ একাংশ বহিৰাগত ব্যৱস্যায়ীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি অসমত ব্যাপক চাহিদা থকা গাহৰিৰ বজাৰখন দখল কৰিবলৈ চেষ্টা কৰা দেখা গৈছে ৷ তাৰমাজতে মঙলদৈৰ এদল শংকৰী ধৰ্মৰ মহিলাই গাহৰি পালনেৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ পথ ৷ মঙলদৈ চহৰৰ পৰা কেইবা কিলোমিটাৰ নিলগৰ ৰামহৰি গাঁও পঞ্চায়তৰ ডাঁহা গাঁৱৰ চেষ্টা N G O সহায়ত ১০৪ গৰাকী শংকৰী ধৰ্মৰ মহিলাই গাহৰি পালনৰ দ্বাৰা ডাঁহা অঞ্চলৰ লগতে সমগ্ৰ অসমত এক বিৰল উদাহৰণ দাঙি ধৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি আহিছে ৷

যি সময়ত ৰাজ্যত গাহৰি পালন কৰাৰ বাবে একাংশ লোকক সমাজচ্যুত কৰা হৈছে তেনে সময়তে কিন্তু বহিঃৰাজ্যৰ পৰা নিয়মিতভাৱে অসমলৈ গাহৰি আমদানি হ'ব লাগিছে ৷ গাহৰি অথবা ব্ৰয়লাৰ ফাৰ্ম খোলাৰ বাবে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি বিবেচিত কৰি সমাজৰ পৰা বহুত লোকক বহিস্কাৰ কৰাৰ বাতৰি ৰাজ্যত অতি সুলভ ৷ বিভিন্ন অঞ্চলত ধৰ্মৰ নামত এই দৰে হকা-বাধাৰ সৃষ্টি কৰি এচাম মানুহে আন এচাম মানুহক আত্ম নিৰ্ভৰশীল হোৱাৰ পৰা বিৰত কৰি ৰাখিছে । শেহতীয়াকৈ ৰাজ্যত শংকৰ সংঘৰ অধীনৰ লোকে গাহৰি পালন কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া কৰাৰ বহু ঘটনা কেইটা সংঘটিত হৈছে ৷

উল্লেখযোগ্য যে, এগৰাকী মহিলাৰ প্ৰচেষ্টাত NGO ৰ সহায়ত প্ৰশিক্ষণ গ্ৰহণ গাঁও খনৰ মহিলা সকলে নিজ গৃহতে গাহৰি পালন কৰি মাহত ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা উপাৰ্জন কৰে বুলি জানিব পৰা গৈছে ৷ যাৰ জৰিয়তে তেওঁলোক আৰ্থিক ভাৱে টনকিয়াল হোৱাৰ লগতে পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰতো সহায়ক হৈ পৰিছে ৷ নিঃসন্দেহে এই মহিলাসকল সমাজৰ বাবে একো একো গৰাকী আদৰ্শ হৈ পৰিছে ৷ তেওঁলোকে প্ৰমাণ কৰি দেখুৱাইছে যে কৰ্মই হে আমাৰ প্ৰকৃত ধৰ্ম ৷

লগতে পঢ়কঃ সুদক্ষ অভিনেত্ৰী নিৰ্মালী কোঁৱৰৰ ইহলীলা সম্বৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.