ETV Bharat / state

খাৰুপেটীয়াত অটো আস্থান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ - অটো চালক

খাৰুপেটীয়াৰ এই অস্থায়ী অটোৰ আস্থানটো হঠাতে খাৰুপেটীয়া পৌৰ সভাই যান বাহন আৰক্ষীৰ সহযোগত বন্ধ কৰি দিয়াত চালক সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতি

খাৰুপেটীয়াত অট' আস্থান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Jun 25, 2019, 11:13 PM IST

মঙলদৈ,২৫ জুনঃ দৰং জিলাৰ খাৰুপেটিয়াত পৌৰসভাৰ বিৰুদ্ধে অটো চালকৰ প্ৰতিবাদ । কাৰ্যবাহী বিষয়া যুৱৰাজ বৰঠাকুৰক বিহিত ব্যৱস্থাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।

খাৰুপেটীয়াত অট' আস্থান বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ জি এন বি ৰোডত অটোচালক সকলে বিগত ১০/১২ বছৰ ধৰি মাহিলী মাচুল আদায় দি পাৰ্কিং কৰি আহিছিল অটো সমূহ। খাৰুপেটীয়াৰ এই অস্থায়ী অটোৰ আস্থানটো হঠাতে খাৰুপেটীয়া পৌৰসভাই যান বাহন আৰক্ষীৰ সহযোগত বন্ধ কৰি দিয়াত চালক সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । সেই লৈ চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খাৰুপেটীয়া পৌৰ সভাৰ বিৰুদ্ধে । চালকসকলে জি এন বি ৰোডৰ অস্থায়ী অটো আস্থানৰ পৰা সমদল কৰি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে প্ৰতিবাদকাৰী সকলে দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা পৌৰসভাৰ কাৰ্যবাহী বিষয়া যুবৰাজ বৰঠাকুৰক স্থায়ী অটো আস্থানৰ ব্যৱস্থা কৰি দিবলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে আন এটা বাতৰি- মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰদ্যুৎ বৰদলৈৰ পুত্তলিকা দাহ

Intro: ## Auto Driver Protest at Kharupetia ##

#খাৰুপেটীয়াত অটো চালকৰ প্ৰতিবাদ ।
## পাৰ্কিঙক লৈ খাৰুপেটীয়া পৌৰ সভাৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

Body:দলগাও /২৫ জুন

বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল শতাধিক অটো চালক । দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ জি এন বি ৰোডত এই সকল অটো চালকে বিগত ১০/১২ বছৰ ধৰি মাহিলী ৫ হাজাৰ কৈ টকা মাচুল আদায় দি পাৰ্কিং কৰি আহিছিল অটো সমুহ । খাৰুপেটীয়াৰ এই অস্হায়ী অটোৰ আস্হান খন হঠাতে বিজেপি নেতৃত্বাধীন খাৰুপেটীয়া পৌৰ সভাই যান বাহন আৰক্ষীৰ সহযোগত বন্ধ কৰি দিয়াত চালক সকল কৰ্মহীন হৈ পৰাত খাৰুপেটীয়া-শ্যামপুৰ অটো চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খাৰুপেটীয়া পৌৰ সভাৰ বিৰুদ্ধে । চালক সকলে জি এন বি ৰোডৰ অস্হায়ী অটো আস্হানৰ পৰা সমদল কৰি খাৰুপেটীয়া পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু স্হায়ী অটো আস্হান বাবে দাবী জনায় ।

Conclusion: চালক সন্হাই প্ৰতিবাদ স্খলিত উপস্থিত থকা দলগাও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া যুবৰাজ বৰঠাকুৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.