ETV Bharat / state

Disha Meeting: দৰং জিলা উপায়ুক্ত কায্যলয়ৰ সভাগৃহত উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ সভা

মঙলবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চলিত বৰ্ষৰ প্ৰথমখন জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ (দিশা) সভা অনুষ্ঠিত হৈ যায় (Review meeting of govt schemes) । সভাখনত সভাপতিত্ব কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা দিছাৰ অধ্যক্ষ দীলিপ শইকীয়াই জিলাখনৰ অন্তৰ্গত বিভিন্ন বিভাগৰ উন্নয়নৰ বুজ লয় (Ministry of Rural Development)।

author img

By

Published : Oct 12, 2022, 10:57 AM IST

Disha Meeting at Darrang
দৰং জিলা উপায়ুক্ত কায্যলয়ৰ সভাগৃহত উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ সভা

দৰং, 12 অক্টোবৰ: মঙলবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত চলিত বৰ্ষৰ প্ৰথমখন জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতিৰ (দিশা) সভা অনুষ্ঠিত হৈ যায় (Review meeting of govt schemes)। সভাখনত সভাপতিত্ব কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা দিছাৰ অধ্যক্ষ দীলিপ শইকীয়াই জিলাখনৰ অন্তৰ্গত বিভিন্ন বিভাগৰ উন্নয়নৰ বুজ লয় (Ministry of Rural Development) ।

দিছাৰ গুৰুত্বপূৰ্ণ সভাখনত জিলাখনৰ সকলো বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ ৩ টা বিধানসভা সমষ্টিৰ বিধায়ক ক্ৰমে ছিপাঝাৰৰ ড৹ পৰমানন্দ ৰাজবংশী, কলাইগাঁৱৰ দুৰ্গা দাস বড়ো আৰু মঙলদৈৰ বিধায়ক বসন্ত দাসৰ মনোনীত প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আদৰণই ভাষণেৰে আৰম্ভ কৰা দিছাৰ সভাখনত সাংসদ দীলিপ শইকীয়াই (MP Dilip Saikia at DISHA Meeting) জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নৰ অগ্ৰগতিৰ খাতিয়ান সন্দৰ্ভত প্ৰতিবেদন গ্ৰহণ কৰে (District Development Coordination and Monitoring Committees )।

দিনজোৰা সভাখনত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, সমাজ কল্যাণ, শিক্ষা, কৃষি, নাবাৰ্ড, জলসিঞ্চন, ৰেচম, পশু চিকিৎসা, জলসম্পদ, ভূমি সংৰক্ষণৰ লগতে জিলাখনৰ অন্যান্য বিভাগ সমূহৰ দ্বাৰা ৰূপায়ণ কৰা উন্নয়ন মূলক কাৰ্যসূচীৰ ওপৰত আলোচনা কৰা হয় । সভাৰ অন্তত জিলা উন্নয়ন সমন্বয়ৰক্ষী নিৰীক্ষণ সমিতি চমুকৈ দিছাৰ অধ্যক্ষ সাংসদ দীলিপ শইকীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনহিতকৰ তথা উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও গাঁও অঞ্চলৰ উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে আৰু সেয়েহে জিলাখনৰ পঞ্চায়ত সমূহৰ যোগেদি পঞ্চায়ত এলেকাৰ অধীনৰ অঞ্চল সমূহৰ উন্নয়ন ত্বৰাম্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে দিছাৰ সভাপতি তথা সাংসদ দীলিপ শইকীয়াই । সাংসদ গৰাকীয়ে পঞ্চায়তৰ দ্বাৰা হিতাধিকাৰীসকলৰ উন্নয়নৰ ওপৰতো সৰ্বাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় ।

তাৰোপৰি মঙলবাৰৰ এই সভাখনলৈ পঞ্চায়ত আৰু গামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগতে নিৰ্বাচিত প্ৰতিনিধিসকলক বিশেষ ভাৱে আমন্ত্ৰণ জনাই গ্ৰামোন্নয়ন সন্দৰ্ভতো সবিশেষ আলোচনা কৰা হয় । ইয়াৰ ওপৰিও সভাখনত মঙলদৈ, খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰসভাৰ নৱ নিৰ্বাচিত পৌৰপতি সকলেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: দিশা শীৰ্ষক পৰ্যালোচনাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.