ETV Bharat / state

খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ পৰিৱেশে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক - দৰং

দৰঙৰ খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ কদৰ্য্যময় পৰিৱেশ । ক্ৰেতা-বিক্ৰেতাৰ হাহাকাৰ অৱস্থা । লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ৷

খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ পৰিবেশ
author img

By

Published : Apr 21, 2019, 5:42 PM IST

দৰং,21এপ্ৰিল: উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বহিঃৰাজ্যলৈ পাচলি আমদানি কৰা দৰঙৰ খাৰুপেটীয়াৰ আলিকাষ বজাৰৰ কদৰ্য্যময় পৰিৱেশে এতিয়া সকলোকে জ্বলা-কলা খুৱাইছে । বিহুদিয়া গাঁও পঞ্চায়তৰ বৃহৎ আলিকাষ বজাৰত এজাক বৰষুণতে একাঁঠু পানী জমা হৈ সৃষ্টি হোৱা বোকাময় পৰিৱেশৰ বাবে যান-বাহনৰ লগতে খোজ কাঢ়ি যোৱাটোও অসম্ভৱ হৈ পৰিছে । ইপিনে বোকা পানীৰ মাজতেই ক্ৰেতা-বিক্ৰেতাই চলাই গৈছে দৈনিক ব্যৱসায় । একাংশৰ মতে দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ বিহুদিয়া গাঁও পঞ্চায়তৰ আলিকাষ বজাৰ উন্নয়নৰ নামত বিগত বৰ্ষবোৰত বিভিন্ন শিতানত লাখ লাখ টকা আবন্টন দিয়া হৈছিল যদিও নাম মাত্ৰ কাম কৰি সমুদায় ধন আত্মসাত কৰে একাংশ বিষয়া তথা পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰে । ইফালে দৈনিক বজাৰখনলৈ বোকা পানী গচকি অহা ব্যৱসায়ী আৰু গ্ৰাহকসকলে বজাৰখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে ।

A_DARRANG_20APL_801_DELAPATED_CATTLE_MARKET

## দৰঙৰ খাৰুপেটীয়াৰ আলিকাষ 
 বজাৰৰ কদৰ্য্যময়  পৰিবেশ ।
## বজাৰ নহয় যেন পুখুৰীহে ।
## ক্ৰেতা বিক্ৰেতাৰ হাহাকাৰ অবস্থা ।
## লাখ লাখ টকা লুণ্ঠন .
                    =====
Anchor===
             কোনো ধৰণৰ  উন্নয়ন নহল লাখ লাখ টকা আবন্টন দিয়া দৰঙৰ  খাৰুপেটীয়াৰ আলিকাষ (বালুগাও) পশু ও শাক পাচলিৰ পাইকাৰী  বজাৰৰ ।  উত্তৰ-পূৰ্বাঞ্চলৰ লগতে বহিঃৰাজ্যলৈ পাচলি  আমদানি কৰা  দৰঙৰ খাৰুপেটীয়াৰ  আলিকাষ  বজাৰৰ উন্নয়নৰ নমুনাই চকু কপালত তুলিছে ৰাইজৰ  । বিহুদিয়া গাও পঞ্চায়তৰ বৃহৎ আলিকাষ পশু   বজাৰত  এজাক বৰষুণত একাঠু পানী জমা হৈ সৃষ্টি হোৱা  বোকাময় পৰিবেশৰ বাবে যান বাহনৰ লগতে খোজ কাঢ়ি যোৱাটোও অসম্ভব হৈ পৰিছে  । বোকা পানীৰ  মাজতেই ক্ৰেতা বিক্ৰেতাৰ চলাই গৈছে ব্যবসায়  । উল্লেখযোগ্য  দৰঙৰ দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ বিহুদিয়া গাও পঞ্চায়তৰ আলিকাষ পশু  বজাৰ উন্নয়নৰ  নামত বিগত বৰ্ষবোৰত বিভিন্ন শিতানত লাখ লাখ টকা আবন্টন দিয়া হয় যদিও নাম মাত্ৰ কাম কৰি সমুদায় ধন আত্মসাত কৰে একাংশ  বিষয়া , পঞ্চায়ত প্ৰতিনিধি ও ঠিকাদাৰে । দৈনিক  বজাৰ
 খনলৈ বোকা পানী গচকি   অহা ব্যবসায়ী ও  কৃষক  সকলে বজাৰখনৰ  উন্নয়ন প্ৰতি গুৰুত্ব দিয়াৰ বাবে দাবী   জনায়  চৰকাৰক ।     
                         =====    
 দেবব্ৰত গোস্বামী ;দৰং
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.