ETV Bharat / state

দূৰ্ভগীয়া নুৰনেহাৰৰ বাসগৃহত বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়া

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নহাৰ বাবেই আত্মহত্যা কৰা দলগাঁৱৰ কিশোৰী নুৰনেহাৰৰ ঘৰত উপস্থিত হয় বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়া ৷

দলগাঁৱৰ শ্য়ামপুৰত উপস্থিত বিৰোধী দলপতি দেবব্ৰত শইকীয়া
author img

By

Published : Jul 3, 2019, 11:30 PM IST

দলগাঁও, 3 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকাৰ বাবেই আত্মহত্যা কৰিছিল দলগাঁৱৰ শ্যামপুৰৰ নুৰনেহাৰ নামৰ এগৰাকী কিশোৰীয়ে ৷ শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা আছিল নুৰনেহাৰ ৷

ঘটনাৰ বুজ ল'বলৈ কিশোৰীগৰাকীৰ গৃহত উপস্থিত হয় বিৰোধীৰ সভাপতি দেবব্ৰত শইকীয়া ৷ শইকীয়াৰ সৈতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা, দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৱাহিদা আহমেদ আৰু শ্যামপুৰ গাঁও পঞ্চায়তৰ সভাপতি মফিদুল ইছলামে ৷

Intro:Slug=Dabobrote Saikia at Dalgaon
Bytes =Debobrote. Saikia

##দলগাঁৱৰ শ্যামপুৰত আত্মহনন কৰা কিশোৰী নুৰনেহাৰৰ গৃহত বিৰোধী দলপতি দেবব্ৰত শইকীয়া ।
## সাহাৰ্য্য প্ৰদান ও সমবেদনা ঞ্জাপন শইকীয়াৰ ।
====

Body:দলগাও /৩ জুলাই
-২৬ জুনত এন আৰ চিৰ প্ৰকাশিত অতিৰিক্ত বাদ তালিকাত নাম নথকাৰ বাবে চিপ লৈ দলগাঁৱৰ শ্যামপুৰত আত্মহনৰ পথ বাচি লৈছিল এগৰাকী কিশোৰীয়ে ৷ শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আব্দুল কালামৰ কন্যা নুৰনেহাৰ বেগমৰ নাম এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা নহাত ভুল বুজি নিজৰ ওৰনাৰে চিপলৈ আত্মহন কৰা বুলি অভিযোগ তোলা পৰিয়ালটোৰ কাষত উপস্থিত দেবব্ৰত শইকীয়া । উক্ত ঘটনাৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে দুৰ্ভগীয়া নুৰ নেহাৰৰ পৰিয়ালৰক বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সমবেদনা জ্ঞাপন কৰাৰ লগতে দহ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়াই । বিৰোধী দলপতি দেবব্ৰত শইকীয়া সংবাদ মাধ্যমক কয় -মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এন আৰ চিৰ কাম চলি আছে যদিও কামত নিয়োজিত একাংশ বিষয়াই নিৰপেক্ষ ভাৱে কাম নকৰাৰ বাবে যথেষ্ট খেলি মেলিৰ সৃষ্টি হৈছে , এই সম্পৰ্কে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক ও
অসম চৰকাৰক অবগত কৰা হব বুলি কয় শইকীয়াই । শইকীয়াক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা , দৰং জিলা সমিতিৰ সভানেত্ৰী ৱাহিদা আহমেদ আৰু শ্যামপুৰ গাও পঞ্চায়তৰ সভাপতি মফিদুল ইছলামে ।
====

Conclusion:
====
আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.