ETV Bharat / state

দৰঙত মৃতদেহ সৎকাৰৰ বিনিময়ত ধনদাবীৰ ঘটনাৰ তদন্ত ঘোষণা উপায়ুক্তৰ

দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে মৃতদেহ সৎকাৰৰ বিনিময়ত ধনদাবীৰ ঘটনাৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে সহকাৰী আয়ুক্ত মনিকা বৰগোহাঞিক বিষয় সন্দৰ্ভত উচিত তদন্ত কৰি ৭ দিনৰ ভিতৰত এখন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

dc-announced-inquiry-into-alleged-extortion-of-bodies-in-darang
দৰঙত মৃতদেহ সৎকাৰৰ বিনিময়ত ধনদাবীৰ ঘটনাৰ তদন্ত ঘোষণা উপায়ুক্তৰ
author img

By

Published : May 22, 2021, 9:59 AM IST

মঙলদৈ, 22 মে' : বিগত কেইদিনমানৰ পৰা মঙলদৈত ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰ কৰাৰ বিনিময়ত ধন দাবীৰ বাতৰি বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈ আছিল ৷ ইয়াক গুৰুত্ব সহকাৰে লৈ দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেনে তদন্তৰ ঘোষণা কৰিছে ৷ উপায়ুক্ত গৰাকীয়ে সহকাৰী আয়ুক্ত মনিকা বৰগোহাঞিক বিষয়ৰ সন্দৰ্ভত উচিত তদন্ত কৰি ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

ইয়াৰ উপৰিও ক'ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে নিৰ্ধাৰণ কৰা শ্মশানসমূহ যাতে নিয়াৰিকৈ পৰিচালনা কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তৰ নিৰ্দেশ মৰ্মে সহকাৰী আয়ুক্ত কমলজিৎ শৰ্মাক নডেল বিষয়া ৰূপে নিয়োগ কৰা হৈছে ।

উক্ত দায়িত্ব পালন কৰাত তেওঁক সহকাৰী আয়ুক্ত সীমান্ত বসুমতাৰীয়ে সহায় কৰিব বুলি এক নিৰ্দেশনা যোগে জনোৱা হৈছে । ইয়াৰ উপৰিও এতিয়াৰ পৰা প্ৰতিটো মৃতদেহ সৎকাৰৰ বাবদ ২,০০০ টকাকৈ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তৰফৰ পৰা খৰচ বহন কৰা হ'ব বুলিও নিৰ্দেশনা যোগে জনোৱা হৈছে ।

লগতে পঢ়ক : ব্যাপক অৰ্থনৈতিক দুৰৱস্থাৰ দিশে গাড়ী ব্যৱসায়ৰ লগত জড়িত লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.