ETV Bharat / state

মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু - বাংলাগঢ় কোৱাৰ পাৰা

মঙলদৈ বাংলাগঢ় কোৱাৰ পাৰাত ট্ৰেক্টৰ বাগৰি মৃত্যু এজনৰ ৷ নিহত লোকজন মুনিন ভুমিজ বুলি জানিব পৰা গৈছে ৷

মঙলদৈত ট্ৰেক্টৰ বাগৰি মৃত্যু এজনৰ
মঙলদৈত ট্ৰেক্টৰ বাগৰি মৃত্যু এজনৰ
author img

By

Published : May 24, 2021, 12:52 PM IST

Updated : May 24, 2021, 1:10 PM IST

দৰং,24মে': মঙলদৈ বাংলাগঢ় কোৱাৰ পাৰাত ভয়ংকৰ ঘটনা ৷ ট্ৰেক্টৰ বাগৰি থিতাতে নিহত হয় এজন লোক । নিহত লোকজন মুনিন ভুমিজ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি,নদীৰ পৰা ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই থাকোতে সংঘটিত হয় এই অঘটনটো । নিয়ন্ত্ৰণ হেৰুৱাই মথাউৰিৰ পৰা দ-খাৱৈত বাগৰি পৰে ট্ৰেক্টৰ সহ লোকজন ৷ যাৰ ফলত থিতাতে নিহত ট্ৰেক্টৰ চালক মুনিন ভুমিজ ৷ ইপিনে, ঘটনা সংঘটিত হোৱা ট্ৰেক্টৰ খনৰ নাছিল কোনো ইঞ্চুৰেঞ্চ ।

মঙলদৈত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

স্থানীয় লোকৰ অভিযোগ অনুসৰি, বন বিভাগৰ গাফিলতিৰ বাবে মঙলদৈৰ বিভিন্ন অঞ্চলত সঘনাই ঘটি আহিছে এনে দুৰ্ঘটনা । ৰাষ্ট্ৰীয় ঘাই পথৰ লগতে গাঁও অঞ্চল সমূহতো ট্ৰেক্টৰৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে ৰাইজ । অবৈধ ভাৱে এইদৰে মথাউৰিৰ কাষৰ পৰা খনন কাৰ্য চলায় থকাৰ ফলত নৈ-কাষৰীয়া লোক সকলৰ মাজলৈও আহিছে বানৰ ভাবুকি । শীঘ্ৰে প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: 26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

Last Updated : May 24, 2021, 1:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.