ETV Bharat / state

সামৰণি পৰিল নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন - ভেৰগাঁও আঞ্চলিকৰ উদ্যোগত

10 আৰু 11জানুৱাৰীত ওদালগুৰিত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰসন্থাৰ অধিবেশনখনৰ সোমবাৰে সুকলমে সমাপ্ত হয় ৷ অধিবেশনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ উপ-কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী,এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো ৷

darrang_nikhil student union programme
সামৰণি পৰিল নিখিল বড়ো ছাত্ৰসন্থাৰ অধিবেশন
author img

By

Published : Jan 12, 2021, 10:53 AM IST

দৰং,12জানুৱাৰী: সোমবাৰে সামৰণি পৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ-সন্থাৰ অধিবেশনৰ । ভেৰগাঁও আঞ্চলিকৰ উদ্যোগত ১০ আৰু ১১ জানুৱাৰী তাৰিখে ৩১ সংখ্যক বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হৈছিল । অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিটিচিৰ উপ-কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী,এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো,ভেৰগাঁৱৰ MCLA দাওবৈছা বড়ো আৰু খালিংদুৱাৰৰ MCLA দিলীপ কুমাৰ বড়ো । সভাখন উদ্ধোধন কৰে এবছুৰ প্ৰাক্তন উপ-সভাপতি ৰ'মিঅ পি নাৰ্জাৰীয়ে । মুকলি সভাত বক্তৃতা প্ৰদান কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে নৱগঠিত বিটিচি পৰিষদীয় চৰকাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি মন্তব্য কৰে ।

সামৰণি পৰিল নিখিল বড়ো ছাত্ৰসন্থাৰ অধিবেশন

উল্লেখ্য যে,বিটিচিত চৰকাৰ গঠনত এবছুৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । তাৰোপৰি,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি কৰা ঘোষণা প্ৰসংগত এবছুৰ সভাপতি গৰাকীয়ে কয় যে,ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ ফলত অন্য জনজাতি লোকসকলক অধিকাৰ যাতে খৰ্ব নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈকো সকলোকে জনালে আহ্বান৷

অন্য এক খবৰৰ বাবে: মিৰ্জাৰ তিনিআলিত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.