ETV Bharat / state

আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ কৰাৰ লক্ষ্যৰে দৰঙত অজিত কুমাৰ ভূঞা - ছিপাঝাৰ

দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে শনিবাৰে জিলাখনৰ ছিপাঝাৰত সদল বলে উপস্থিত হয় প্ৰবীন সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা ।

DARRANG AJIT BHUYAN visit
দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ লক্ষ্যৰে উপস্থিত অজিত কুমাৰ ভূঞা
author img

By

Published : Sep 5, 2020, 9:08 PM IST

দৰং, 5 চেপ্টেম্বৰ : দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে শনিবাৰে জিলাখনৰ ছিপাঝাৰত সদল বলে উপস্থিত হয় প্ৰবীন সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা । জাতীয়তাবাদৰ অন্যতম বৰঘৰ সদৃশ ছিপাঝাৰত উপস্থিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই দুখনকৈ ক্ষুদ্র জনজাগৰণ সভাত মিলিত হয় । প্ৰথমতে ছিপাঝাৰ সাহিত্য সভা ভৱনত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰামচন্দ্ৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাগ লৈ ছিপাঝাৰ তথা দৰঙীয়াৰ সংগ্ৰামী ইতিহাসক স্মৰণ কৰে । আঞ্চলিকতাবাদী গণ মৰ্চাৰ নেতা ক্ৰমে লাচিত বৰদলৈ, মনজিৎ মহন্ত, মেহদী আলম বৰা, সোনেশ্বৰ পাটোৱাৰী, মহেন্দ্ৰ দাস সহ এটা বৃহৎ দল লগত লৈ কংগ্ৰেছৰ দৰে জাতি, মাটি, ভেটি ৰক্ষক বি জে পি দলে ক্ষমতাৰ স্বাৰ্থত আঞ্চলিক দল সমূহক টেটু চেপি লাহে-লাহে নিশেষ কৰাৰ ষড়যন্ত্ৰ তৈয়াৰ কৰা বুলি উল্লেখ কৰে ।

দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ লক্ষ্যৰে উপস্থিত অজিত কুমাৰ ভূঞা

প্ৰাক্তন অধ্যক্ষ ভৱেন বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক কৰুনাকান্ত ডেকা, যাদৱ চন্দ্ৰ মহন্ত, বলেন্দ্ৰ কুমাৰ নাথ, হৰেশ ডেকা আদি উপস্থিত থকা সভাখনত ছিপাঝাৰত ৰজনজনাই থকা বিশ্ববাসীক পৰিচয় কৰি দিয়া লোককলাকৃষ্টি আৰু অশিতিপৰ ওজা আৰু পালি সকলৰ দুৰৱস্থাই এই বিজেপি চৰকাৰ খনৰ বিকাশৰ উৎকৃষ্ট নমুনা বুলি ব্যাখ্যা কৰি সমষ্টিটোত আঞ্চলিকতাবাদৰ ধাৰা পুনৰ সজীৱ কৰিবলৈ সাংসদ অজিত কুমাৰ ভূঞাই ৰাইজৰ প্ৰতি মুকলি আহ্বান জনায় ।

লগতে পঢ়ক : ৰাজনীতিত যোৱা শিল্পী সকলৰ বিষয়ে কি ক'লে জনপ্ৰিয় শিল্পী মৃদুল ভূঞাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.