ETV Bharat / state

খাৰুপেটীয়াত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি - অসম চৰকাৰ

খাৰুপেটীয়াত হুৰহুৰাই কমিছে পাচলিৰ দাম ৷ এটকা দুটকাত বিক্ৰী হৈছে বিলাহী, ওলকবি, বন্ধাকবি আদি । পথাৰতে নষ্ট হৈছে ওলকবি, ফুলকবি, বেঙেনা বিলাহী । গৰু-ছাগলীৰ খাদ্যত পৰিণত হৈছে বিলাহী, বেঙেনা ইত্যাদি ৷ দিশহাৰা হৈ পৰিছে কৃষক ৷

পানীৰ দামত বিক্ৰী শাক-পাচলি
পানীৰ দামত বিক্ৰী শাক-পাচলি
author img

By

Published : Feb 26, 2021, 1:04 PM IST

দলগাঁও, 26 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাক-পাচলিৰ মূল্য এতিয়া ভিন্ন ৷ ৰাজ্যৰ এফালে যদি আকাশলংঘী হৈছে শাক-পাচলিৰ মূল্য ৷ আনফালে আকৌ হুৰহুৰাই কমিছে পাচলিৰ দাম ৷

পানীৰ দামত বিক্ৰী শাক-পাচলি
পানীৰ দামত বিক্ৰী শাক-পাচলি

উল্লেখ্য যে, খাৰুপেটীয়াত হ্ৰাস পাইছে পাচলিৰ মূল্য ৷ এটকা দুটকাত বিক্ৰী হৈছে বিলাহী, ওলকবি, বন্ধাকবি আদি । পথাৰতে নষ্ট হৈছে ওলকবি, ফুলকবি, বেঙেনা বিলাহী । গৰু-ছাগলীৰ খাদ্যত পৰিণত হৈছে বিলাহী, বেঙেনা ইত্যাদি ৷ খাৰুপেটীয়াত বিভিন্ন ধৰণৰ পাচলিৰ পাইকাৰী মূল্য হুৰ হুৰাই কমি অহাত মূৰে কপালে হাত দিব লগীয়া হৈছে সাধাৰণ কৃষকে ৷

পানীৰ দামত বিক্ৰী শাক-পাচলি
পানীৰ দামত বিক্ৰী শাক-পাচলি

মূৰৰ ঘাম মাটিত পেলাই কৰা পাচলিৰ মূল্য খাৰুপেটীয়াৰ বালুগাও পাইকাৰী বজাৰত দ্ৰুতগতিত কমি অহাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষক সকল ৷ বিঘাই বিঘাই কৰা ওলকবি, বিলাহী, বেঙেনা, বীন আদিৰ খেতি বৰ্তমান হৈ পৰিছে গৰু ছাগলীৰ খাদ্য । উপায়হীন হৈ বহু কৃষকে পথাৰতে পচিবলৈ দিছে পাচলি । বিশেষকৈ উপায়হীন হৈ পৰিছে এতিয়া দৰঙৰ খাৰুপেটীয়াৰ পাশ্বৱৰ্তী ২নং মাগুৰমাৰী গাঁৱৰ কৃষক সকল ৷

এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে দৰঙৰ খাৰুপেটীয়াৰ পাশ্বৱৰ্তী ২নং মাগুৰমাৰী গাঁৱৰ কৃষক সকলে ৷

লগতে পঢ়কঃ চিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.