দৰং,26জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনাই দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত নদীৰপাৰ গাঁৱত সংঘটিত হয় হত্যাকাণ্ড। ভতিজাকৰ চুৰীকাঘাতত প্ৰাণ যায় খুৰীয়েকৰ ৷ হত্যাকাৰী ভতিজাকে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি,গাঁওখনৰ ৰজব আলীৰ পুত্ৰ ইউছুফ আলী আৰু তেওঁৰ ভাতৃ মজিবৰ ৰহমানৰ মাজত দেওবাৰে পুৱাই কাজিয়াৰ সৃষ্টি হয়। এই কাজিয়াক বাধা দিবলৈ আগবাঢ়ি আহে খুৰীয়েক আয়েছা খাতুন। বাধা কৰিবলৈ অহা সময়তে ধৃত ইউচুফে খুৰীয়েকক চুৰীকাঘাত কৰে ৷ চুৰীকাঘাতৰ ফলত থিতাতেই প্ৰাণ হেৰুৱাই ৪০ বছৰীয়া আয়েছা খাতুনে। এই ঘটনাৰ পাছতেই শ্যামপুৰ অঞ্চলত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় শ্যামপুৰ আৰক্ষীৰ এটা দল আৰু দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷ আৰক্ষীৰ দলটোৱে আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অন্য এক খবৰৰ বাবে :ৰাজপথত কুকুৰে চোচৰাই আনিলে দেৱশিশুক!
ইফালে ঘটনা সংঘটিত কৰিয়ে মূল অভিযুক্ত ইউছুফ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্তৰ বাবে পিতৃ ৰজব আলীক আটক কৰে আৰু জেৰা অব্যাহত ৰাখে।