ETV Bharat / state

দলগাঁৱৰ খেতিয়কৰ পথাৰতে নষ্ট হৈছে কুইণ্টলে-কুইণ্টলে পাচলি

author img

By

Published : Apr 7, 2020, 4:46 PM IST

উভৈনদী হৈ পৰা পাচলিসমূহ বিক্ৰীৰ অভাৱত পথাৰতে নষ্ট হৈ গৈছে । এই খেতিসমূহৰ বাবে প্ৰায় ৮ লাখ টকাৰ ঋণ লৈছিল কৃষক ভাতৃদ্বয়ে ।

কুইণ্টলে কুইণ্টলে পাচলি
কুইণ্টলে কুইণ্টলে পাচলি

দলগাঁও, 7 এপ্ৰিলঃ আজি ১৪ টা দিন অতিক্ৰম কৰিছে লক ডাউনে ৷ এই 14 টা দিনৰ বন্ধৰ ফলত বিভিন্ন জিলাৰ লগতে দৰঙৰ কৃষকসকলেও বহুখিনি লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে । জিলাখনৰ শ্যামটিলাৰ ২ নং ধনশ্ৰীকাষ গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰাৰ বাবে খেতি পথাৰতে নষ্ট হৈছে কুইণ্টলে কুইণ্টলে পাচলি।

খেতিয়কৰ পথাৰতে নষ্ট হৈছে কুইণ্টলে কুইণ্টলে পাচলি

গাঁও খনৰ দুই ভাই-ককাই আব্দুল মান্নান আৰু আব্দুল মালেকে ২০ বিঘা মাটিত বিলাহী , জিকা, তিয়ঁহ, জলকীয়া, বিন,ভোল আদিৰ উৎপাদন কৰিছিল । উভৈনদী হৈ পৰা পাচলিসমূহ বিক্ৰীৰ অভাৱত পথাৰতে নষ্ট হৈ যায় । এই খেতিসমূহৰ বাবে প্ৰায় ৮ লাখ টকাৰ ঋণ লৈছিল কৃষক ভাতৃদ্বয়ে । এতিয়া পাচলিসমূহ বিক্ৰী কৰাৰ বাবে চৰকাৰক শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে দুই ককাই-ভায়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.