ETV Bharat / state

মাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত - 2 নম্বৰ মাগুৰমাৰী চৰ

খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী চৰাঞ্চলত মাকৈ খেতিয়ে দেখুৱাইছে উপাৰ্জনৰ নতুন বাট ৷ দৰঙৰ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী 2 নম্বৰ মাগুৰমাৰী চৰত দেখা গৈছে বিঘা-বিঘাই মাকৈ খেতি ৷ ছকমান আলী নামৰ খেতিয়কগৰাকীয়ে এই মাকৈ খেতিৰ পৰা অধিক লাভৱান হ’ব বুলি আশাবাদী ৷

Cultivating Corn and new income source in pasture
মাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত
author img

By

Published : Jan 17, 2020, 7:40 PM IST

দলগাঁও,17 জানুৱাৰীঃ এইবাৰ সেউজ বিপ্লৱে আশাৰ ৰেঙণি জগাইছে চৰাঞ্চলত ৷ বানে জুৰুলা কৰা দৰঙৰ চৰাঞ্চল আৱৰি পৰিছে সেউজীয়াৰে ৷ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী চৰত বিভিন্ন পাচলিৰ লগতে দেখা গৈছে বিঘা-বিঘাই মাকৈ খেতি ৷ সীমিত খৰচেৰে অধিক লাভৱান হোৱাৰ আশাৰে খেতিয়কসকলে কৰিছে শ-শ বিঘা মাটিত মাকৈ খেতি ৷ দৰঙৰ খাৰুপেটীয়াৰ পাৰ্শ্বৱৰ্তী 2 নম্বৰ মাগুৰমাৰী চৰত প্ৰায় 10 বিঘা মাটিত মাকৈ খেতি কৰা খেতিয়কসকলৰ এজন অন্যতম ছকমান আলী নামৰ খেতিয়কগৰাকীয়ে প্ৰতি বিঘা মাটিত চাৰি -পাঁচ হাজাৰ টকা খৰচ কৰি বিঘাই প্ৰতি ত্ৰিশ হাজাৰ টকা উপাৰ্জন কৰিছে বুলি উল্লেখ কৰে ৷ লগতে বানপানীয়ে আমাক সৰ্বস্বান্ত কৰিছে যদিও এতিয়া আৰু আক্ষেপ নাই কাৰণ বানপানী হ’লেহে খেতি ভাল হয় যাৰ বাবে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল এতিয়া বিভিন্ন শাক পাচলিৰ লগতে মাকৈ খেতিৰে হৈ পৰিছে সেউজীয়া বুলিও উল্লেখ কৰে খেতিয়কগৰাকীয়ে।

মাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত

আনহাতে শীতৰ বজাৰত মাকৈৰ চাহিদা বৃদ্ধি পায় গতিকে উপাৰ্জনৰ দিশটো অধিক ভাল হ’ব বুলি আশা ব্যক্ত কৰে ছকমান আলীয়ে ৷ আগন্তুক দিনত বতৰ ভাল হ’লে ১০ বিঘা মাটিৰ মাকৈ খেতিৰ পৰা দুই তিনি লাখ টকা উপাৰ্জন হোৱাৰ আশা ব্যক্ত কৰে মাকৈ খেতিয়কগৰাকীয়ে।

আৰু পঢ়কঃ৮ দিনীয়া কাৰ্যসূচীৰে বাক্সাৰ সুৱণকাটাত ভাৰত ভূটান বন্ধুত্ব মেলা

Intro:
Slug : Makoi Kheti

Byte : Farmer

## চৰাঞ্চলত সেউজ বিপ্লৱ ।
## বানে তচনচ কৰা দৰঙৰ চৰাঞ্চল হৈ পৰিছে সেউজীয়া আৰু সেউজীয়া ।
# খাৰুপেটীয়াৰ পাছৱৰ্তী চৰাঞ্চলত শ শ বিঘা মাটিত মাকৈ (makoi) খেতি ।
# বিঘা প্ৰতি চাৰি পাঁচ হাজাৰ টকা খৰচ কৰি বিঘা প্ৰতি ত্ৰিশ হাজাৰ টকা উপাৰ্জন ৰ আশা খেতিয়কৰ ।
Body:

দলগাও /১৭ জানুৱাৰী

খাৰুপেটীয়াৰ পাশ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল হৈ পৰিছে সেউজীয়া আৰু সেউজীয়া । বানে তচনচ কৰা চৰাঞ্চলৰত বিভিন্ন পাচলিৰ লগতে দেখা গৈছে বিঘা বিঘাই মাকৈ খেতি ৷ কম খৰচ কৰি বেছি লাভবান হোৱাৰ আশাৰে খেতিয়ক সকলে কৰিছে শ শ বিঘা মাটিত মাকৈ খেতি ৷ দৰঙৰ খাৰুপেটীয়াৰ পাছৱৰ্তী 2 নম্বৰ মাগুৰমাৰী চৰত 10 বিঘা মাটিত মাকৈ খেতি কৰা ছকমান আলিয়ে জনোৱা মতে প্ৰতি বিঘা মাটিত চাৰি -পাঁচ হাজাৰ টকা খৰচ কৰি উপাৰ্জন কৰিব পাৰি বিঘাই প্ৰতি ত্ৰিশ হাজাৰ টকা ৷ লগতে কয় বানপানীয়ে আমাক সৰ্বস্বান্ত কৰিছে যদিও এতিয়া আৰু আক্ষেপ নাই কাৰন বানপানী হলেহে খেতি-বাতি ভাল হয় যাৰ বাবে ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল এতিয়া বিভিন্ন শাক পাচলিৰ লগতে মাকৈ খেতিৰে হৈ পৰিছে সেউজীয়া । Conclusion: এতিয়ালৈ বতৰ ভাল আৰু বজাৰত মাকৈৰ দামো ভাল । আগন্তুক দিনত বতৰ ভাল হলে ১০ বিঘা মাটিৰ মাকৈ খেতিৰ পৰা দুই তিনি লাখ টকা উপাৰ্জন হোৱাৰ আশা ব্যক্ত কৰে মাকৈ খেতিয়ক ছকমান আলিয়ে ।

আব্দুল হাকিম
দলগাও
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.