ETV Bharat / state

এবছৰতো সম্পূৰ্ণ নহল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আই চি ইউ

author img

By

Published : Apr 21, 2021, 10:11 PM IST

এবছৰৰ মূৰটো সম্পূৰ্ণ নহল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কভিদ আই চি ইউ । এফালে দৰঙত ক'ভিডৰ বিভীষিকা, আনফালে স্বাস্থ্য বিভাগৰ চুড়ান্ত হেমাহি । জীয়াতু ভুগিব লগা হৈছে দৰঙবাসী । বুধবাৰৰ দিনটোলৈকে জিলাখনত মুঠ ১২৮ জনৰ দেহত ক’ভিড-19 অৱস্থিতি ধৰা পৰিছে ।

covid-icu-of-mangaldoi-civil-hospital-not-completed-after-one-year-etv-bharat-news
এবছৰতো সম্পূৰ্ণ নহল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আই চি ইউ

দৰং, 21 এপ্ৰিল : প্ৰায় এবছৰৰ মূৰতো সম্পূৰ্ণ নহল মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক’ভিড আই চি ইউ । এফালে দৰঙত ক'ভিডৰ বিভীষিকা, আনফালে স্বাস্থ্য বিভাগৰ চুড়ান্ত হেমাহি । ফলস্বৰূপে জীয়াতু ভুগিব লগা হৈছে দৰঙবাসী । বুধবাৰৰ দিনটোলৈকে জিলাখনত মুঠ ১২৮ জনৰ দেহত ক’ভিড-19 অৱস্থিতি ধৰা পৰিছে ।

ৰাজ্যত ক'ভিডৰ দ্বিতীয় লহৰে ভয়ানক ৰূপ ধাৰণ কৰিছে । সমান্তৰালকৈ দৰঙত ভনায়ক ৰূপত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ সংক্ৰমণ । দৰঙত ক'ভিড আই চি ইউ অভাৱৰ বাবে মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে ক'ভিড ৰোগীয়ে । মন কৰিবলগীয়া যে, এবছৰ আগতেই ক'ভিড ৰোগীৰ কাৰণে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ অসামৰিক চিকিৎসালয়ত এটা ক’ভিড আই চি ইউ নিৰ্মাণৰ অনুমোদন দিছিল ; কিন্তু এতিয়ালৈ সম্পূৰ্ণ হৈ নুঠিল আই চি ইউৰ নিৰ্মানৰ কাম ।

মঙলদৈ স্বাস্থ্য বিভাগে আই চি ইউটো সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰি আহিছে যদিও বিভাগটোৱে এই লৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক গোপীনাথ বৰাই । ফলস্বৰূপে জিলাখনত ক’ভিড আই চি ইউৰ অভাৱত গুৱাহাটীলৈ স্থানান্তৰ কৰিব লগীয়া হৈছে ক'ভিড ৰোগীক ।

ইফালে জিলাখনত শীঘ্ৰে ক’ভিড আই চি ইউৰ কাম সম্পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে জিলাখনৰ ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ এই ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : জ্যেষ্ঠ সাংবাদিক তথা লেখক যদু চুতীয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.