দৰং, 11 জুনঃ পোহৰলৈ আহিছে মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতি ৷ বুধবাৰে নিশা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল আৰোগ্য লাভ কৰা ১৪ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী ৷ ১৪ গৰাকী আৰোগ্য লাভ কৰা ৰোগীৰ ভিতৰত আছিল হামিড আলি নামৰ এগৰাকী লোক । কিন্তু পৰিতাপৰ বিষয় যে,নাম বিভ্ৰান্তিৰ বাবে হামিড আলিৰ ঠাইত ঘৰ পালেগৈ হানিফ আলি । অৰ্থাৎ এগৰাকী কৰ'ণাত আক্ৰান্ত ৰোগীক ঘৰলৈ যাবলৈ অনুমতি দিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷ এইখিনিতে তাৎপৰ্যপূৰ্ণ কথাটো হ'ল,আৰোগ্য লাভ কৰা ৰোগীসকলক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সময়ত চিকিৎসালয় খনত দৰঙৰ উপায়ুক্ত,মঙলদৈৰ বিধায়ককে ধৰি উপস্থিত আছিল বহু কেইজন বিশিষ্ট লোক । তেওঁলোকৰ চকুৰ পচাৰতেই চিকিৎসালয় কৰ্তৃপক্ষৰ দ্বাৰা সংঘটিত হ'ল এনে ধৰণৰ বিভ্ৰান্তি ৷
কৰ'ণাত আক্ৰান্ত ৰোগীজনক ঘৰলৈ লৈ যোৱা হৈছিল এম্বুলেঞ্চেৰে ৷ এই এম্বুলেঞ্চখনতে আকৌ 5 গৰাকী আৰোগ্য লাভ কৰা ৰোগীকে লৈ যোৱা হৈছিল একেলগে ৷ কেৱল সেয়াই নহয় কৰ'ণাত আক্ৰান্ত হানিফ আলিয়ে নিজৰ ঘৰত কটালে সম্পূৰ্ণ এৰাতি ৷ কিন্তু অৱশেষত চিকিৎসালয় কৰ্তৃপক্ষৰ এনে ভুল ধৰা পৰাৰ পিছত হানিফ আলিক ঘূৰাই অনা হয় চিকিৎসালয়লৈ ৷ ইয়াৰ পিছতে হানিফ আলিৰ গৃহ অঞ্চলটৌ কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হয় আৰু হানিফৰ লগত এম্বুলেঞ্চত একেলগে যোৱা 5 গৰাকী আৰোগ্য ৰোগীকো পুনৰ চিকিৎসালয়লৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰা হয় ৷
কেৱল মঙলদৈতে নহয়,ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ বিভ্ৰান্তি তথা অমনোযোগমূলক ঘটনাবোৰ ক্ৰমাৎ পোহৰলৈ আহিছে ৷ দুদিন পূৰ্বে যোৰহাটৰ তিতাবৰত কৰ'ণা পৰীক্ষণৰ ফলাফল নহাকৈয়ে ব্যক্তিক ঘৰলৈ পঠিয়াই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছিল ৷ পিছত সেইগৰাকী ব্যক্তিও ঘৰলৈ গৈ অহাৰ পিছতহে তেঁওৰ ফলাফল পজিটিভ আহিছিল ৷
আচলতে,এনেধৰণৰ ঘটনাবোৰে জনসাধাৰণক আতংকিত কৰাৰ লগতে একাংশ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ দিশটোও উদঙাই দিছে ৷ এইক্ষেত্ৰত চিকিৎসা বিভাগ আৰু তাৰ সৈতে জড়িত ব্যক্তিসকল সচেতন নহ'লে অনাগত দিনত Covid-19 ৰোগৰ ক্ষেত্ৰত আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৷
লগতে পঢ়কঃ কৰ’ণামুক্ত ঘোষণা কৰা ব্যক্তিৰ শৰীৰত Covid-19ৰ উপস্থিতি