ETV Bharat / state

গণভিত্তি চাইহে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে

author img

By

Published : Sep 11, 2020, 7:44 AM IST

মিত্ৰতাত চিটিং গেটিং থাকিবই, গণভিত্তি চাই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব । খাৰুপেটীয়াত দলীয় সভাত অংশ লৈ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ ৷

assam election
assam election

দৰং, 11 ছেপ্টেম্বৰ : বিজেপি বিৰোধী শক্তিসমূহক লৈ মহাজোঁটবন্ধনৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে আসন বুজাবুজি এতিয়াও হোৱা নাই । ’21ৰ বিধান সভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব কাক কাক দিয়া হ’য়, সেইয়া পৰ্যায়ক্ৰমে আলোচনা কৰিহে থিৰাং কৰা হ’ব ।

গণভিত্তি চাইহে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে

সাংবাদিকৰ প্ৰশ্নোত্তৰত বৰাই কয়, মিত্ৰতা হ’লে চিটিং গেটিং ব্যৱস্থা থাকিবই । গণভিত্তি চাইহে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব । আনহাতে, দলগা‍ঁৱত ইলিয়াছ আলীকে প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব বুলি জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । ইয়াৰ লগতে নাওবৈছাৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এতিয়াও সিদ্ধান্ত বা তেনে চিন্তা কৰা নাই । বিজেপিক গাদীচ্যুত কেনেকৈ কৰিব পৰা যায় সেইটো লৈহে চিন্তা কৰি আছে কংগ্ৰেছে । খাৰুপেটিয়াৰ অসম ক্লাৱত আয়োজিত দলীয় কৰ্মী সভাত অংশ লৈ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ৰিপুন বৰাই ।

লগতে পঢ়ক : গৰাখহনীয়াই গ্ৰাস কৰিছে মৰিগাঁৱৰ বৃহৎ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.