দৰং,৯ ফেব্ৰুৱাৰী: দৰং জিলাৰ মঙলদৈত মঙলবাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে । চহৰখনত থকা দৰং জিলা শ্রম বিষয়াৰ কার্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আহ্বানমৰ্মে জিলা কংগ্ৰেছে এই প্ৰতিবাদ সাব্য়স্ত কৰে । মঙলদৈ টাউন ব্লক কংগ্ৰেছ কমিটি, পূৱ-পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত দৰং জিলা কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা এই প্ৰতিবাদত বহু কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক তথা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে বহু প্ৰতিশ্ৰুতি দিছিল চৰকাৰে ৷ কিন্তু বিগত বছৰসমূহত বিজেপি চৰকাৰে তেওঁলোকৰ সমস্য়া সমাধান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে । এই প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক: চিৰাঙত পথ সুৰক্ষা মাহ পালন