ETV Bharat / state

ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন সৰ্বানন্দ সোণোৱালৰ - ৰাজ্য চৰকাৰ

বিপিএফৰ ৰাজত্বকালত যিমান সমূহ অপশাসন, দুৰ্নীতি,ভ্ৰষ্টাচাৰ হ'ল এইবোৰ সম্পূৰ্ণ ৰূপে অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তক দিনত প্ৰতিটো পৰিয়ালক সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

cm-visited-udalguri
ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Dec 4, 2020, 9:38 PM IST

দৰং, 4 ডিচেম্বৰ : শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যেৰে ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন কৰে । ওদালগুৰি চহৰৰ সমীপৰ মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত এই সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিৰদাও বসুমতাৰী আৰু ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাধেশ্বৰী বড়োৰ সমৰ্থনত প্ৰচাৰ চলায়।

ওদালগুৰিত এখন বিশাল জনসভা সম্বোধন সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত বিভিন্ন উন্নয়নমূলক কাম চলি আছে বুলি উল্লেখ কৰি কেন্দ্ৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনমূখী আঁচনিৰ বিষয়ে অৱগত কৰে । বিপিএফৰ ৰাজত্বকালত যিমান সমূহ অপশাসন, দুৰ্নীতি,ভ্ৰষ্টাচাৰ হ'ল, এইবোৰ সম্পূৰ্ণ ৰূপে অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তক দিনৰ প্ৰতিটো পৰিয়ালক সন্মান সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰাৰ সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

বিটিআৰত আৰু কোনেও ভয় খাব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰ অঞ্চলৰ পৰা ভয় শংকা সম্পূৰ্ণ ৰূপে নাইকিয়া কৰি সকলোকে শান্তিৰ বাতাবৰণত জীয়াই থকাৰ অধিকাৰ প্ৰদান হ'ব বুলি উল্লেখ কৰে । ইপিনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত ওদালগুৰি জিলাত দেশৰ প্ৰথমখন অৰ্গেনিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সভাত জানিব দিয়ে ।

জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই আঁত ধৰা আজিৰ এই জনসভাত সাংসদ দিলীপ শইকীয়া, পল্লৱ লোচন দাস, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমূখ্যে কৰি বহু কেইজন শীৰ্ষ বিজেপি নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: বিটিচি নিৰ্বাচনৰ পূৰ্বে চিৰাঙত ইউ পি পি এল আৰু বি পি এফৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.