দৰং, ১৭ ডিচেম্বৰ: তিনিটা "ক"ৰ সাৰমৰ্ম আগত ৰাখি আগবাঢ়িব ভাৰতীয় জনতা পাৰ্টী । প্ৰথম "ক" হৈছে কাৰ্যকৰ্তা, দ্বিতীয় "ক" হৈছে কাৰ্যালয় আৰু তৃতীয় "ক" হৈছে কোষ । বিজেপিৰ দৰং জিলাৰ কাৰ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa inaugurated BJP office in Darrang) । শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলদৈস্থিত দৰং জিলাৰ কাৰ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে ।
সাংবাদিকৰ আগত তেওঁ কয় যে, ইতিমধ্যে অসমৰ ১৪ খন জিলাত দলটোৰ নতুন কাৰ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু ১০ টা কাৰ্যলয়ক পূৰ্ণাংগ ৰূপ দিয়া হৈছে । আনহাতে, মধ্য প্ৰদেশ, গুজৰাট আদি ৰাজ্যৰ দৰে অসমৰ বিজেপিও আগবাঢ়িব বুলি তেওঁ মন্তব্য কৰে । অসমত ভাৰতীয় জনতা পাৰ্টীৰ ৪৫ লাখ কাৰ্যকৰ্তা আছে । কংগ্ৰেছৰ দৰে বিজেপিয়ে কোনো ব্যক্তিৰ ঘৰত সিদ্ধান্ত গ্ৰহণ নকৰে আৰু এনেকুৱা কাৰ্যালয়তহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ মন্তব্য কৰে(CM Himanta on Assam BJP new plan) ।
ইয়াৰ উপৰিও, মাটিৰ অভাৱত দৰঙত অভিযান্ত্ৰিক কলেজ, মেডিকেল কলেজ, বিশ্ববিদ্যালয়ৰ দৰে অত্যাৱশকীয় অনুষ্ঠানসমূহ এতিয়াও গঢ় লৈ উঠা নাই বুলি তেওঁ কয় । লগতে তেওঁ এনে অনুষ্ঠানৰ বাবে জিলাখনত আঢ়ৈশ বিঘা মাটি চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ সকলোকে আহ্বান জনায় ।
আনহাতে, নিৰ্মীয়মান অৱস্থাত থকা দৰং আৰু আন আন জিলাৰ কেঞ্চাৰ হাস্পতালসমূহ আগন্তুক বৰ্ষৰ ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব বুলিও তেওঁ মন্তব্য কৰে । অতি কমেও ৮ খন কেঞ্চাৰ হাস্পতাল ২৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । ইফালে কংগ্ৰেছৰ নতুন প্ৰভাত অভিযানক লৈ কটাক্ষ কৰি তেওঁ কয় যে, কংগ্ৰেছে এতিয়া পুৰণি প্ৰভাত ঘূৰাই অনা শীৰ্ষক অভিযান আৰম্ভ কৰাহে উচিত ।
লগতে পঢ়ক:Foundation Day of AJP : দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন