ETV Bharat / state

এটেনশ্বন দিলীপ শইকীয়া ! আপোনাৰ সমষ্টিবাসীয়ে নিজেই দলং বনাই যাতায়ত অব্যাহত ৰাখিছে - দৰঙ

গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দেখা গ'ল দৰঙত । বিগত ১৫/ ২০ বছৰতো দৰঙৰ মঙলদৈ সমষ্টিত নিৰ্মাণ নহ'ল এখন পকী দলং । অৱশেষত দলংখন ৰাইজে মেৰামতি কৰি অব্যাহত ৰাখিছে যাতায়ত ।

broken bridge in darrang
দৰঙত গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ
author img

By

Published : Feb 3, 2020, 6:08 PM IST

দলগাঁও, 3 ফেব্ৰুৱাৰী : বিগত 15/20 বছৰতো নিৰ্মাণ নহ'ল মঙলদৈৰ এখন পকী দলং । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দেখা গ'ল দৰঙত । মঙলদৈ সমষ্টিৰ ১/২ নং মাগুৰমাৰী গাঁৱৰ হাজাৰ হাজাৰ লোকে যাতায়ত কৰা একমাত্ৰ দলংখনৰ বৰ্তমানৰ অৱস্থা তেনেই শোচনীয় ৷ জৰাজীৰ্ণ দলঙখনে যমৰ যাতনা দিছে মঙ্গলদৈ সমষ্টিৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ লোকক । মৰণক শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে । অঞ্চলটোৰ ৰাইজে বহু আবেদন কৰিও চৰকাৰৰ পৰা নাপালে এখন পকী দলং । নিৰ্বাচনৰ সময়ত পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা জন প্ৰতিনিধি সকলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায় বুলি মন্তব্য কৰে স্থানীয় লোকে । যাতায়তৰ বাবে ৰাইজে বাঁহৰে দলঙখন মেৰামতি কৰিছে যদিও ছাত্ৰ ছাত্ৰী আৰু ৰাইজে দলঙখন অতি শীঘ্ৰেই মেৰামতি কৰিবৰ বাবে চৰকাৰক কাতৰ অনুৰোধ জনাইছে ৷

দৰঙত গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

আৰু পঢ়ক : পথৰুঘাটে ৰিঙিয়াই ....!!

Intro:Slug=Broken_Bridge_
Byte=Students /Public

## হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ দৰঙত ।
##বিগত ১৫/ ২০ বছৰতো দৰঙৰ মঙলদৈ সমষ্টিত নিৰ্মাণ নহল এখন পকী দলং ।
## ৰাইজে মেৰামতি কৰি অব্যাহত ৰাখিছে যাতায়ত ।
## ছাত্ৰ ছাত্ৰীৰ কাতৰ অনুৰোধ ভাল কৰি দিয়ক দলং খন ।

Body:

দলগাও /৩ ফেব্ৰুৱাৰী

এখন জৰাজীৰ্ণ দলঙে যমৰ যাতনা দিছে মঙ্গলদৈ সমষ্টিৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ লোকক । মঙলদৈ সমষ্টিৰ ১/২ নং মাগুৰমাৰী গাঁৱৰ হাজাৰ হাজাৰ লোকৰ যাতায়ত কৰা একমাত্ৰ দলংখন বৰ্তমান হৈ পৰিছে জৰাজীৰ্ণ , ফলত সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা । মৰণক শৰণদি যাতায়ত কৰিব লগীয়া হৈছে বৃহত্তৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে কন কন ছাত্ৰ ছাত্ৰী সকল । অঞ্চলবাসী ৰাইজে বহু আবেদন নিবেদন কৰিও চৰকাৰৰ পৰা নাপালে এখন পকী দলং । নিৰ্বাচন আহিলেই পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা জন প্ৰতিনিধি সকল পাহৰি যায় ৰাইজক দিয়া প্ৰতিশ্ৰুতি । যাৰ পৰিনতিত ৰাইজে বাহ আদিৰে মৰনফান্দ সদৃশ দলংখন মেৰামতি কৰি অব্যাহত ৰাখিছে যাতায়ত ।

Conclusion:

বিগত ১৫/২০ বছৰ ধৰি অতিষ্ঠ কৰা জৰাজীৰ্ণ দলংখন পকীকৰণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰাৰ বাবে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে অসম চৰকাৰৰ গড়কাপ্তানী তথা শিক্ষা বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনায় ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.