ETV Bharat / state

বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত লোকশিল্পী দ্ৰোণ ভূঞা

author img

By

Published : Jun 20, 2021, 3:42 PM IST

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দৰঙৰ অনুপম লোক সংস্কৃতি 'সুকনানি ওজাপালি'ৰ বৰেণ্য সাধক দ্ৰোণ ভূঞাক বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত কৰাত উৎফুল্লিত হৈ পৰিছে দৰংবাসী ৷

bishnu rabha Award to folk artist drorna bhuyan
বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত লোকশিল্পী দ্ৰোণ ভূঞা

দৰং, 20 জুন : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰদান কৰা ২০২০-২১ বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰ বাবে নিৰ্বাচিত হৈছে দৰং জিলাৰ ছিপাঝাৰৰ সাতঘৰীয়া গাঁৱৰ নিবাসী তথা দৰঙী কলা-কৃষ্টিৰ অন্যতম বাহক লোকশিল্পী দ্ৰোণ ভূঞা । দৰঙৰ অনুপম লোক সংস্কৃতি 'সুকনানি ওজাপালি'ৰ বৰেণ্য সাধক দ্ৰোণ ভূঞা অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দৰংবাসী ৷ প্ৰায় দহ বছৰ বয়সৰ পৰাই সুকনানি ওজাপালিৰ স'তে জড়িত হৈ অহা দ্ৰোণ ভূঞাই এই কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দীৰ্ঘদিনে কৰি আহিছে নিৰৱচ্ছিন্ন সাধনা তথা সংগ্ৰাম ৷

বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো সুকনানি ওজাপালি পৰিৱেশন কৰে শিল্পীগৰাকীয়ে ৷ লগতে নিজে গঠন কৰা দলেৰে এই কৃষ্টি পৰিৱেশন কৰি সাংস্কৃতিক মহলত উচ্চ প্ৰশংসিত হৈছে ৷ শনিবাৰে এই খবৰ পোৱাৰ পাচতে দৰঙৰ বিভিন্ন দল-সংগঠনে ভূঞাদেৱে অৰ্জন কৰা এই কৃতিত্ব দৰঙী কলাকৃষ্টিৰ কৃতিত্ব বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, সুকনানি ওজাপালি আৰু দেওধনী নৃত্যৰ শিল্পী দ্ৰোণ ভূঞাই নৱপ্ৰজন্মকো উদ্বুদ্ধ কৰি আহিছে । ইতিমধ্যে কেইবাটাও সুকনানি ওজাপালিৰ দলৰ লগতে দেওধনী নৃত্যৰ দল জন্ম দিছে শিল্পীগৰাকীয়ে । লোককৃষ্টি 'সুকনানি ওজাপালি'ৰ সাধনাকে জীৱনৰ ব্ৰত হিচাপে সাৰোগত কৰি অহা শিল্পী দ্ৰোণ ভূঞাক এইবেলি অসম চৰকাৰে উপযুক্ত স্বীকৃতি প্ৰদান কৰাত ছিপাঝাৰ তথা দৰংবাসী উৎফুল্লিত হৈ পৰিছে ৷ বিগত বছৰত ডিব্ৰুগড়ৰ কন্দৰ্প নাথ শৰ্মা আৰু ঝৰ্ণা শইকীয়াক এই বঁটাৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক: জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.