দৰং,13আগষ্টঃ কৰ'ণা মহামাৰীৰ মাজতে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে দৰং জিলাত পোহৰলৈ আহিছে এক ভয়াবহ তথ্য ৷ জিলাখনৰ মঙলদৈ কাছাৰী মৈদানত স্বাধীনতা দিৱসৰ পেৰেডৰ বাবে প্ৰস্তুতি চলাই থকা দহ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷
জানিব পৰা মতে, দৰং জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতত আজি আৰক্ষী, বেণ্ডপাৰ্টী, অৰ্ধসামৰিক বাহিনী, চাফাই কৰ্মীৰ ক'ভিড-19 পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল । ইপিনে এই পৰীক্ষাত VIPৰ গাড়ীচালকৰ দায়িত্বত থকা এগৰাকী আৰক্ষীৰ দেহতো ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ পিছতে এতিয়া জিলাখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
আনহাতে, বুধবাৰৰ দিনটোত দৰঙত ৬৫ গৰাকী লোকৰ দেহত ক'ভিড19 ধৰা পৰাৰ লগতে বৰ্তমানে জিলাখনত আক্ৰান্তৰ সংখ্যা 1,964 জনলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়কঃপ্ৰণৱ মুখাৰ্জীৰ মৃত্যুৰ বাতৰিক খণ্ডন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পুত্ৰ-কন্যাৰ