মঙলদৈ, ৮ জুনঃ বৃহস্পতিবাৰে মঙলদৈ চহৰত আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্টীয় বজৰংগ দলৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সীমান্তত চীনা সৈন্যই ভাৰতীয় সৈন্যক আক্ৰমণৰ লগতে ২০গৰাকীকৈ ভাৰতীয় সেনাক হত্যাৰ প্ৰতিবাদত এইদৰে কঁপালে মঙলদৈ চহৰ । প্ৰতিবাদকাৰী সকলে চীনৰ ৰাষ্ট্ৰপতিৰ পুত্ৰলিকা দাহ কৰাৰ লগতে সকলোকে চীনা সামগ্ৰী বৰ্জনৰো আহ্বান জনায় ।
চহৰখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কৰা এই প্ৰতিবাদস্থলীৰ পৰাই চীনক উচিত প্ৰত্যুত্তৰ দিবলৈও আহ্বান জনালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক । ভাৰতীয় সেনাৰ ২০ গৰাকী শ্বহীদৰ বিপৰীতে চিনৰ ১০০ টা মুৰ আনিবলৈ আহ্বান জনালে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীক।
লগতে পঢ়কঃ বঙাইগাঁৱৰ চোটাকিত এটা অচিনাকি মৃতদেহ উদ্ধাৰ