দৰং, 21মাৰ্চ: শনিবাৰে পুনৰ কা’ বাতিলৰ দাবীত উত্তাল হ’ল ৰাজ্য ৷ দৰঙতো শতাধিক আছু কৰ্মীয়ে বাইক ৰেলীৰে ৰূপায়ন কৰে কা’ বিৰোধী প্ৰতিবাদ ৷
দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বাকৰিৰ পৰা দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা, পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা আৰু ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাই কা’ বাতিলৰ দাবীত, পথৰুঘাটৰ পৰা খটৰা সত্ৰলৈ আছুৰ এই বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে । এই বাইক ৰেলীত চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদী সাব্যস্ত কৰে আছু কৰ্মীসকলে ।
উল্লেখ্য যে, এই প্ৰতিবাদী সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অপুৰ্ব শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলমৰ লগতে পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, দুনী আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে শতাধিক ছাত্ৰ তথা আছু কৰ্মীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: পাঁচটা গেৰাণ্টিৰ উপৰিও কংগ্ৰেছৰ ইস্তাহাৰত কি কি আছে ?