দৰং, 22 ফেব্ৰুৱাৰী : অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন, নামনি সোৱণশিৰিকে ধৰি বৃহৎ নদী বান্ধৰ নিৰ্মাণৰ কাম বন্ধ কৰা আৰু বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত সোমবাৰে দৰঙত আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকাৰ নেতৃত্বত অৰ্ধ শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : কমল কুমাৰ মেধিক গামোচা পিন্ধাব জাকিৰ হুছেইন শিকদাৰে !