দৰং,২২ ডিচেম্বৰ : ক্ৰীড়া ক্ষেত্ৰত আন এগৰাকী অসমীয়াৰ সাফল্য । এইবাৰ ক্ৰিকেটৰ মজিয়াত সুনাম অসমৰ কিশোৰীৰ । পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ ১৯ বছৰ অনুৰ্ধৰ মহিলা দলত স্থান লাভ কৰিছে দৰঙৰ জিন্তি মণি কলিতাই (Assam girl selected for Indian cricket women team)। মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ 'বি' দলত স্থান লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকী ।
মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুশীলন আৰম্ভ কৰা জিন্তি মণিয়ে ইতিমধ্যে অসম দলৰ হৈ প্ৰতিদ্বন্দিতা কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ চেলেঞ্জাৰ ট্ৰফীটো সুন্দৰ প্ৰদৰ্শন দেখুৱালৈ সক্ষম হৈছে অসমৰ খেলুৱৈগৰাকীয়ে । দ্বাদশ শ্ৰেণীত অধ্যয়নৰত জিন্তি মণিয়ে এনেদৰে প্ৰথমবাৰলৈ ভাৰতীয় দলত স্থান লাভ কৰাৰ লগে লগে এতিয়া দৰঙৰ ৰাইজৰ মাজতো ব্যাপক আনন্দ উল্লাহ । সকলোৱে খেলুৱৈগৰাকীৰ সফল কেৰিয়াৰ কামনা কৰা দেখা গৈছে ।
আনহাতে ইতিমধ্যে বিভিন্ন ৰাজ্যত ক্ৰিকেট খেলৰ জৰিয়তে সফলতা কঢ়িয়াই অনা জিন্তিয়ে চৰকাৰৰ ওচৰত কিছু সহায়ৰ বাবে আবেদন জনাইছে । খেলুৱৈগৰাকীৰ মতে আৰ্থিকভাৱে কিছু সমস্যাত পৰিছে খেলুৱৈগৰাকী । কিন্তু চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য লাভ কৰিলে ভৱিষ্যতে ইয়াতকৈও বেছি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব বুলি আশাবাদী জিন্তি মণি কলিতা ।
লগতে পঢ়ক:শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপত কোকৰাঝাৰৰ খেলুৱৈৰ স্বৰ্ণ পদক অৰ্জন