ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসম অগ্নিগৰ্ভা

অসম জ্বলিছে কেবক লৈ ৷ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ ৷ বিজেপিৰ মন্ত্ৰী , বিধায়কক গ'বেক ধ্বনি প্ৰতিবাদকাৰীৰ ৷

author img

By

Published : Dec 12, 2019, 3:45 PM IST

burning assam
অসম অগ্নিগৰ্ভা

জ্বলিছে বটদ্ৰৱা, বিধায়িকা আঙুৰলতাক হুংকাৰ প্ৰতিবাদকাৰীৰ

বটদ্ৰৱা,12 ডিচেম্বৰঃ অসম পুনৰ অগ্নিগৰ্ভা ৷জাতি ধ্বংসী বিল গৃহীত হোৱাৰ লগে লগেই জ্বলিছে অসম ৷ বটদ্ৰৱাৰ ৰাইদঙীয়াত বৃহস্পতিবাৰে পুৱাই তীব্ৰ প্ৰতিবাদ ৷ তেজ দিম মটি নিদিওঁ ,বিজেপি হুচিয়াৰ,জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল নিপাত যাওক ,হিমন্ত বিশ্ব শৰ্মা গ’বেক , আঙুৰলতা ডেকা মুৰ্দাবাদ আদি ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তুলে স্থানীয় ৰাইজে । ইফালে প্ৰতিবাদকাৰীয়ে বিধায়িকা আঙুৰলতা ডেকাৰ বেনাৰ পোষ্টাৰ, নাম ফলক ভাঙি চূড়মাৰ কৰাৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাক সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰি দৌৰাই দৌৰাই পিটাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

বটদ্ৰৱা

দৰঙতো পুৱাৰে পৰা ব্যাপক প্ৰতিবাদ

দৰং,12 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে দৰংতো ব্যাপক প্ৰতিবাদ ৷ মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে দৰংবাসী ৰাইজে ৰাজপথত ওলাই আহি ১৫ নং ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰি কেব বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

দৰং

বঙাইগাঁৱতো আছু, আক্ৰাছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ

অভয়াপুৰী,12 ডিচেম্বৰঃ অসমীয়া জাতিৰ স্বাভিমানক পদাঘাত কৰি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ আৰু গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত বৃহস্পতিবাৰে আছু, আক্ৰাছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও জিলাৰ তালগুৰিত টায়াৰ জ্বলাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

বঙাইগাওঁ

চিৰাঙৰ চিদলীত জ্বলিল মাৰাপাট ভৰ্তি ট্ৰাক

চিৰাং,12 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য জ্বলি থকাৰ মাজতে বুধবাৰে নিশা চিৰাঙৰ চিদলীত জ্বলিল মৰাপাট ভৰ্তি ট্ৰাক ৷ বৰপেটাৰ পৰা পশ্চিমবংগলৈ গৈ থকা মৰাপাট ভৰ্তি ডব্লিউবি-১৫বি_২৬৯৮ নম্বৰৰ ট্ৰাক খনত সংঘটিত হয় অগ্নিসংযোগৰ ঘটনা ৷ অৱশ্যে এই মুহুৰ্তলৈকে জানিব পৰা নাই কোনে কি কাৰণত অগ্নিসংযোগ কৰিলে ট্ৰাকখনত ৷ কিন্ত এয়া ঠিক যে নিশা ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পিচতে সংঘটিত হৈছে এনেধৰণৰ ঘটনা । বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে চাৰিওদিশে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো অসম বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে ৷

চিৰাং

লগতে পঢ়কঃ আন্দোলনকাৰীক ৰোধিবলৈ অসমত জি পি সিং

Intro:চিৰাঙৰ চিদলীত জ্বলিল মৰাপাট ভৰ্তি ট্ৰাক। নিশা বৰপেটাৰ পৰা পশ্চিম বঙ্গলৈ গৈ থকা মৰাপাট ভৰ্তি ডব্লিউবি-১৫বি_২৬৯৮ মন্বৰৰ ট্ৰাক খনত অগ্নিসংযোগৰ ঘঢনা সংঘটিত হয় । এই মুহুৰ্তলৈ জানিব পৰা নাই কোনে কিয় এই অগ্নিসংযোগ কৰিলে । কিন্ত এয়া ঠিক যে নিশা ৰাজ্য সভাত কেব পাছ হোৱাৰ পিচতে সংঘটিত হৈছে এই ঘটনা। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে চাৰিওদিশে । আলফাৰ ১২ ঘন্টীয়া অসম বন্ধৰ সমান্তৰালকৈ বঙাইগাঁও জিলাও বন্ধ আছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ চিদলীত জ্বলিল মৰাপাট ভৰ্তি ট্ৰাক।

Conclusion:চিৰাঙৰ চিদলীত জ্বলিল মৰাপাট ভৰ্তি ট্ৰাক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.