দৰং, ২০ নৱেম্বৰ: কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা কৃষিক্ষেত্ৰৰ উন্নয়নৰ সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যেৰে দৰঙৰ কৃষকৰ মাজত শস্য আৰু কৃষিকৰ্মত ব্যৱহৃত সা-সৰঞ্জাম বিতৰণ কৰিলে কৃষি বিভাগে। দৰং জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই সামগ্ৰীসমূহ বিতৰণ কৰা হয়। মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে হিতাধিকাৰীৰ মাজত পাৱাৰ টিলাৰ,মৰণা মৰা মেচিনৰ লগতে বিভিন্ন ৰবি শস্যৰ বীজ বিতৰণ কৰে ৷ শস্যৰ বীজ বিতৰণ কৰি বিধায়ক গুৰুজ্যোতি দাসে কৃষকসকলক অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় ৷
জিলা কৃষি বিষয়া উদ্ধৱ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কৃষি সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মহকুমা কৃষি বিষয়া ড° ভৱেন কলিতা। চৰকাৰৰ তৰফৰ পৰা শস্যৰ বীজ আৰু প্ৰয়োজনীয় সঁজুলি লাভ কৰি দৰিদ্ৰ কৃষকসকলে সকাহ পাইছে। কিয়নো শস্যৰ বীজ ক্ৰয় কৰিবলৈ অৰ্থৰ অভাৱ হোৱা বাবে বহু কৃষকৰ মাটি ছন পৰি ৰয়। আনহাতে আধুনিক সঁজুলিৰ অভাৱত কম মাটিত কৰা খেতিৰ বাবে কৃষকে অধিক কষ্ট আৰু সময় নষ্ট কৰিবলগীয়া হয় আৰু ই উৎপাদনত প্ৰভাৱ পেলায়।
লগতে পঢ়ক:লকডাউনত চাকৰি হেৰুৱাই আত্মনিৰ্ভৰ হোৱা পশ্চিম বংগৰ ব্য়ক্তিজন