দলগাঁও, ১০ নৱেম্বৰঃ কেতিয়া কাৰ জীৱনলৈ বিপদ আহে কোনেও নাজানে। দৰঙৰ খাৰুপেটীয়াত ঘৰৰ পদুলিত খেলি থকা অৱস্থাত হঠাতে দ্ৰুতবেগী ট্ৰেক্টৰে খুন্দিওৱাত মৃত্যু হয় এটি ৪ বছৰীয়া কণমানিৰ। খাৰুপেটীয়াৰ নিকটৱৰ্তী বাইগৰমাৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা। জানিব পৰা মতে, ইছলামপুৰৰ আকতাৰ আলী নামৰ লোকজনৰ নম্বৰ প্লেটবিহীন ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই থকা হৈছিল বাইগৰমাৰী গাঁৱৰ পথেৰে। মাজেদা বেগম নামৰ কণমানিজনীয়েও ঘৰৰ পদুলিতে খেলি আছিল।
![খাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dalgaon-10october-kharuetia-accident-801-807-abdul-hakim-10064_10112020133441_1011f_1604995481_270.jpg)
হঠাতে তীব্ৰ বেগত অহা ট্ৰেক্টৰখনে খুন্দিয়ায় আৰু লগে লগে কণমানিজনী ট্ৰেক্টৰৰ চকাৰ তলত সোমাই পৰে। ফলত থিতাতে মৃত্যু হয় মাজেদা বেগমৰ। স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে, ট্ৰেক্টৰখনে অবৈধভাৱে মাটি কঢ়িয়াই আছিল আৰু লাহে লাহে অহা-যোৱা কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো তীব্ৰ বেগত গতি কৰিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা মাটি ভৰ্তি ট্ৰেক্টৰখন থানালৈ লৈ যায়। আনহাতে, মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:মহানগৰীত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা