মঙলদৈ, ৩০ মে' : মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কেন্দ্ৰীয় বিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত দুজন ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি লাভ কৰা পাচতে কেন্দ্ৰীয় বিদ্যালয়ৰ সমগ্ৰ অঞ্চল কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে জিলা প্ৰশাসনে । কৰ'ণা সংক্ৰমণ ৰোধ তথা জনসাধাৰণক স্বাস্থ্যকৰ পৰিৱেশত ৰখাৰ অৰ্থেই সমগ্ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ চৌহদ কনটেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ।
চৌহদত কোনো লোক বা বাহন অকৰ্তৃত্বশীলভাৱে প্ৰৱেশ বা চৌহদৰ পৰা প্ৰস্থান কৰিব নোৱাৰিব আৰু লগতে সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি আন আন নিৰ্দেশনাসমূহ এই এলেকাত কঠোৰভাৱে মানি চলিব লাগিব বুলি নিৰ্দেশ দিয়ে । আনহাতে, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব আৰু যদি কোনোবাই এই নিৰ্দেশনা মানি নচলে, আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰী কৰে ৷