ETV Bharat / state

ছাত্ৰ নেতাক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি সেনা জোৱানৰ - NREGA scheme corruption in Mangaldoi

মঙলদৈত এনেৰেগা আঁচনিৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনোৱাই কাল হ’ল যুৱ-ছাত্ৰ পৰিষদৰ নেতাৰ ৷ ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি সেনা জোৱানৰ (Army soldier threatened to kill) । মঙলদৈৰ পৰাই নহয় অসমৰ পৰাই খেদি দিয়াৰ ধমকি । মঙলদৈ থানাত এজাহাৰ দাখিল ।

যুৱ-ছাত্ৰ পৰিষদৰ নেতাক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি সেনা জোৱানৰ

author img

By

Published : Jul 6, 2022, 5:33 PM IST

মঙলদৈ, 6 জুলাই: মঙলদৈত এনেৰেগা আঁচনিৰ দুৰ্নীতিৰ তদন্তৰ দাবী জনোৱাই কাল হ’ল যুৱ-ছাত্ৰ পৰিষদৰ নেতাৰ (NREGA scheme corruption in Mangaldoi) ৷ মঙলদৈ নগৰ সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰুৱাক নিজকে সেনা জোৱান বুলি চিনাকি দি অচিনাক্ত মোবাইল নম্বৰৰ পৰা ফোন কৰি অসমৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে (Threatened with deportation from Assam) ।

যুৱ-ছাত্ৰ পৰিষদৰ নেতাক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি সেনা জোৱানৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতিৰ নেতৃত্বত এটি দলে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সমগ্ৰ বিষয়টো অৱগত কৰি এখন এজাহাৰ দাখিল কৰে । ঘটনা অনুসৰি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ চপাই আৰ্মি কেম্পত এনৰেগা আঁচনিৰ অধীনত প্ৰায় ১৮ লাখ টকাৰ মাটি পেলোৱাৰ কামৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে(Allegations of corruption in NREGA scheme works) ৷

এই অভিযোগৰ ভিত্তিত যুৱ-ছাত্ৰ পৰিষদে খণ্ড উন্নয়ন বিষয়াজনৰ ওচৰত এখন অভিযোগ পত্ৰও দাখিল কৰিছিল ৷ এই কামৰ অভিযোগ দিয়াৰ বাবেই এনেদৰে ভাবুকি দিয়া বুলি অভিযোগ কৰে ছাত্ৰ সংগঠনটোৰ নেতাই ৷ সম্প্ৰতি দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এজন জোৱানে এনেকৈ ভাবুকি প্ৰদান কৰা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰী আৰু আৰ্মিৰ জোৱানে চপাই আৰ্মি কেম্পত ৰূপায়ণ কৰা আঁচনিখনত হোৱা ব্যাপক দুৰ্নীতি গাপ দিবলৈ যুৱ-ছাত্ৰ পৰিষদৰ সদস্যক হত্যাৰ ভাবুকি প্ৰদান কৰিছে নেকি বুলি প্ৰশ্নও উত্থাপন হৈছে ৷

লগতে পঢ়ক: যোৰহাটত সুলভ মূল্যৰ দোকানত চাউলৰ চোৰাং সৰবৰাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.