ETV Bharat / state

দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে

author img

By

Published : May 23, 2021, 8:24 PM IST

দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঢেকেৰীগাঁৱৰ শম্ভু দাস নামৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ ব্যক্তি আজি কেইবা দিন ধৰি জ্বৰত আক্ৰান্ত হৈ অৱশেষত দেওবাৰে মৃত্যুবৰণ কৰে । মৃত শম্ভু দাসৰ আত্মীয় লোক নথকাৰ বাবেই দলগাঁও আঞ্চলিক আমছু অন্তিম সংস্কাৰৰ বাবে আগবাঢ়ি আহে ৷ তাৰ পিছতে আমছুৱে দলগাঁৱ শ্মশানত শম্ভূ দাসৰ শেষ কৃত্য সম্পন্ন কৰে ।

দলগাঁৱত সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আছুৱে

দৰং, 23 মে’: দেশত ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে দলগাঁৱত সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে আমছুৱে ৷ আত্মীয় স্বজন নথকা বাবে আমছুৰ কৰ্মীয়ে সৎকাৰ কৰিলে এগৰাকী হিন্দু সম্প্ৰদায়ৰ ব্যক্তিক ৷

দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঢেকেৰীগাঁৱৰ শম্ভু দাস নামৰ এগৰাকী হিন্দু সম্প্ৰদায়ৰ ব্যক্তি আজি কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ অৱশেষত দেওবাৰে মৃত্যুবৰণ কৰে । মৃত শম্ভু দাসৰ আত্মীয় লোক নথকাৰ বাবেই দলগাঁও আঞ্চলিক আমছু অন্তিম সংস্কাৰৰ বাবে আগবাঢ়ি আহে ৷ তাৰ পিছতে আমছুৱে দলগাঁৱ শ্মশানত শম্ভু দাসৰ শেষকৃত্য সম্পন্ন কৰে ।

অন্তিম সংস্কাৰ অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ, দৰং জিলা আমছুৰ সাধাৰণ সম্পাদক ছাকিব আহমেদ, দলগাঁও আঞ্চলিকৰ কৰ্মী সকলে উপস্থিত থাকে ।

উল্লেখযোগ্য যে, দলগাঁও আমছুৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক আব্দুল ৰশ্বিদে পি পি ই কীট পৰিধান কৰি হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰি কেইজনমান হিন্দু লোকৰ সহযোগত মৃতদেহটো সৎকাৰ কৰে ৷

ৰাজ্যত একাংশই হিন্দু-মুছলমানৰ মাজত বিদ্বেষ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে এনেদৰে আমছুৱে যি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে, সংগঠনটোৰ এই কাৰ্যক শলাগ লৈছে এতিয়া সচেতন মহলে ৷

লগতে পঢ়কঃ আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত: মুখ্যমন্ত্ৰীয়ে জনালে অভিবাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.