ETV Bharat / state

আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

author img

By

Published : Mar 31, 2021, 10:06 PM IST

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি ৰাজ্যত চৰকাৰ গঢ়াৰ সপোন দেখিছে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলে ৷ দলগাঁৱৰ এখন নিৰ্বাচনী সভাত মহাজোঁটৰ তলা-চাবি তেওঁৰ হাততে থাকিব বুলি মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ৷

ajmal says his party will be_the king maker
কিং মেকাৰ কি মই নাজানোঁ,নাজানোঁ ইংৰাজীও

নিউজ ডেক্স, 30 মাৰ্চ: ৰাজ্যত নিৰ্বাচনৰ বতৰ আহিলেই ৰাজনৈতিক মহলত চৰ্চাৰ বিশেষ কেন্দ্ৰ বিন্দু হৈ পৰে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল ৷ বিশেষকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যত শাসনৰ থকা দলৰ নেতা সকলৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকল মুখে মুখে শুনিবলৈ পোৱা যায় আজমলৰ নাম ৷

এতিয়া এফালে বিজেপিৰ প্ৰতাপী মন্ত্ৰী তথা শীৰ্ষ নেতা হিমন্ত বিশ্ব শৰ্মাই যদি আজমলৰ বিৰুদ্ধে সভ্য়তাৰ যুদ্ধৰ কথা কৈ নিৰ্বাচনী ৰণডংকা বজাইছে, আনফালে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি ৰাজ্যত চৰকাৰ গঢ়াৰ সপোন দেখিছে বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলে ৷

আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

মুখ্যমন্ত্ৰীৰ বাবে আজমলৰ নাম চৰ্চিত হৈ থকাৰ সময়তে দলগাঁৱৰ এখন নিৰ্বাচনী সভাত আজমলে ক'লে তেওঁ মুখ্য়মন্ত্ৰী নহয় ৷ কিন্তু সৰ্বা-হিমন্তইও এইবাৰ মুখ্য়মন্ত্ৰী হ’ব নোৱাৰে বুলি মন্তব্য কৰে আজমলে ৷ তাৎপৰ্যপূৰ্ণভাৱে আজমলে মহাজোঁটৰ তলা-চাবি তেওঁৰ হাততে থাকিব বুলি মন্তব্য কৰে ৷

লক্ষণীয়ভাৱে, আজমলৰ এনে মন্তব্য়ই এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে ৰাজ্য়ৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, যদি আজমল-হিমন্ত অথবা সোণোৱাল মুখ্যমন্ত্ৰী নহয়, তেন্তে দিছপুৰৰ মছনদত বহিব কোন ?

উল্লেখ্য যে, ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পাছত বৃহস্পতিবাৰে অনুষ্টিত হব বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ইয়াৰ পাছতে 6 এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্টিত হোৱাৰ পাছত 2 মে তাৰিখে ঘোষণা হ‘ব ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ ফলাফল ঘোষণা হোৱাৰ পাছতহে পোৱা যাব এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ৷

লগতে পঢ়ক: বাক্যবাণ: হিমন্ত বিশ্ব শৰ্মা বনাম অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.