ETV Bharat / state

62nd Teachers Day:দৰঙত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন - ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন

কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দৰঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ৷

62nd Teacher's Day
শিক্ষক দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:00 PM IST

মঙলদৈ, ৫ ছেপ্টেম্বৰ : আজি দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় । দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই শিক্ষক দিৱস অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে । আজিৰ অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ।

62nd Teacher's Day
শিক্ষক দিৱস উদযাপন

অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, সাংসদ আৰু বিধায়ক কেইগৰাকী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষই ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই শিক্ষা আৰু জ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গৰিমা আৰু ঐতিহ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । শিক্ষকতাক বিশ্বৰ পৱিত্ৰতম বৃত্তি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সমাজত শিক্ষাগুৰু তথা জ্ঞানৰ সাধক সকলক সদায়ে উচ্চাসন দিয়া হয় । জ্ঞানৰ সাধনা-চৰ্চা ভাৰতীয় ঐতিহ্যৰ অংশ । সেয়ে কুৰুক্ষেত্ৰত দুয়ো পক্ষ যুযুধান অৱস্থাত থাকোতে ভাগৱত গীতাৰ সৃষ্টি সম্ভৱ হৈছিল । ভাৰতবৰ্ষই অস্ত্ৰ লৈ নহয়, শাস্ত্ৰ লৈ অৰ্থাৎ জ্ঞানৰ পোহৰ লৈ বিশ্ব জয় কৰিবলৈ গৈছিল বুলি তেওঁ মন্তব্য কৰে । এনে পৱিত্ৰ ভাৰত ভূমিতেই ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে দাৰ্শনিক-পণ্ডিতে জন্ম গ্ৰহণ কৰিছিল । মানৱ সভ্যতাৰ এনে মহান শিক্ষাগুৰুসকলৰ আদৰ্শ অনুকৰণ কৰি মানৱ সম্পদ গঢ় দিয়াৰ পৱিত্ৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি যাবলৈ তেওঁ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায় ।

62nd Teacher's Day
শিক্ষক দিৱস উদযাপন

সভাত ভাষণ প্ৰদান কৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে এগৰাকী শিক্ষকৰ দায়িত্ব, কৰ্তব্য আৰু প্ৰাপ্তিৰ মহত্বৰ কথা উল্লেখ কৰে । নিজৰ শিক্ষক জীৱনত অভিজ্ঞতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে থকা সু-সম্পৰ্কৰ কথা স্মৰণ কৰি ড৹ ৰাজবংশীয়ে কয় যে সমাজৰ অগ্ৰগতিত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব লাগিব । এগৰাকী শিক্ষকে ত্যাগৰ মহত্বৰ সমানে প্ৰাপ্তিৰ আনন্দও উপভোগ কৰিব পাৰে । নিজৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰণ আৰু তেওঁলোকৰ পৰা পোৱা সন্মানৰ সমান মহান প্ৰাপ্তি নাই বুলি তেওঁ মন্তব্য কৰে ।

62nd Teacher's Day
শিক্ষক দিৱস উদযাপন

সভাত ভাষণ প্ৰদান কৰি মঙলদৈৰ বিধায়ক বসন্ত দাসে কয় যে প্ৰতি যুগতে ভাৰতৰ শিক্ষকসকলৰ সাধনা আৰু জ্ঞান-গৰিমাৰ ৰূপ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আহিছে । এনে শিক্ষকসকলে গঢ় দিয়া বিজ্ঞানীয়ে আজি ভাৰতৰ পৰা চন্দ্ৰযান পঠিয়াবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে । সভাত ভাষণ প্ৰদান কৰি মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে শিক্ষকসকলে কিদৰে কষ্ট-ত্যাগ স্বীকাৰ কৰি সহস্ৰজনৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰে সেই কথা উল্লেখ কৰে ।

62nd Teacher's Day
শিক্ষক দিৱস উদযাপন

আজিৰ সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি ড৹ কমলা কান্ত বৰাই কয় যে স্বামী বিবেকানন্দই প্ৰত্যেক ব্যক্তিৰ মাজত অন্তৰ্নিহিত পূৰ্ণতাক প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । শিক্ষা দানৰ ই এক মহৎ লক্ষ্য । নতুন শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰত আনিবলগীয়া পৰিবৰ্তনৰ ওপৰত তেওঁ আলোকপাত কৰে । এগৰাকী সু-শিক্ষক হ'বৰ বাবে সৃষ্টিশীলতা, পৰ্যালোচনা শক্তি লগতে শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক গঢ়াৰ দক্ষতা, মৰমিয়াল মনোভাৱ আৰু সু-চৰিত্ৰৰ দৰে গুণসমূহৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে । আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে আমাৰ সমাজত গুৰু শিষ্যৰ পৰম্পৰা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । আজিৰ অনুষ্ঠানত জিলাখনৰ ৩৬ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় । আজিৰ সভাত জিলাখনৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যানুৰাগী ব্যক্তি, বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল ।

লগতে পঢ়ক : Teachers Day : শিক্ষক দিৱসৰ উপহাৰ; ৩৬ মনোনীত কৃতী শিক্ষাগুৰুক ৰাজ্যিক বঁটা প্ৰদান চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.