ওদালগুৰি, 6 অক্টোবৰঃ প্ৰেমিকাক নিবলৈ আহি আৰক্ষীৰ জালত পৰিল উত্তৰ প্ৰদেশৰ তিনি যুৱক ৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বুলন্দসহাৰ জিলাৰ বি বি নগৰ নিবাসী ৰামকৃষ্ণ সিংৰ পুত্ৰ জীতেন্দ্ৰ সিঙে (৩৯) ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বেটেলী চাহ বাগিচাৰ সুপ্ৰিয়া তেলী(২৪) নামৰ এগৰাকী যুৱতীৰ সৈতে দুমাহ পূৰ্বে ফেচবুকত চিনাকি হৈছিল ৷
ফেচবুকৰ জৰিয়তে যুৱতীগৰাকীৰ ফোন নম্বৰ লোৱাৰ লগতে নানা চলাহী কথা কৈ জীতেন্দ্ৰ সিঙে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে ৷ জীতেন্দ্ৰৰ প্ৰস্তাৱত যুৱতীগৰাকীয়েও পৰিয়ালৰ অজ্ঞাতে সন্মতি প্ৰকাশ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে দুই বন্ধুৰ সৈতে জীতেন্দ্ৰ সিং মাজবাটৰ প্ৰেমিকাৰ ঘৰত উপস্থিত হয় ৷ কিন্তু জীতেন্দ্ৰ সিং সহ দুই বন্ধুৰ কথা-বতৰাত যুৱতীগৰাকীৰ ভাতৃৰ সন্দেহ হোৱাত মাজবাট আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ উত্তৰ প্ৰদেশৰ পৰা অহা তিনিও যুৱকক আটক কৰি মাজবাট থানালৈ লৈ যায় ৷
আনহাতে, 85/2020 নম্বৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ওদালগুৰিৰ আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওজন যুৱকক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ফেচবুকত চিনাকী হৈ প্ৰেমিকাক নিবলৈ আহি লটিঘটি হোৱা তিনিওজন যুৱকক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃকৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা