চিৰাং,20 নৱেম্বৰ : এয়া আঘোনৰ বতৰ ৷ সোণগুটিৰ সোণোৱালী ৰঙে হাত বাউলি মাতে চহা কৃষিজীৱি অসমীয়াক ৷ আঘোনৰ পথাৰত ব্যস্ত হৈ পৰে ৰাজ্যৰ জিয়াৰী,বোৱাৰী ৷ কোনোৱে যদি পথাৰতে নাচিছে-গাইছে কোনোৱে আকৌ পথাৰতে ৰবাৱ টেঙা খাই ফুৰ্টি কৰিছে ৷
আঘোন বুলি ক'লেই যেন এক বিশেষ মাদকতা ৷ আঘোনৰ আছে এক সুকীয়া স্থান ৷ শাওনৰ বুকুৰ সেউজীয়াই ৰং সলাই আঘোনত ৷ পুৱাৰ সূৰুজে ভূমুকি মৰাৰ লগে লগে হাতত কাঁচি খন লৈ পথাৰলৈ ঢাপলি মেলে দাৱনী সকলে ৷ হেপাঁহৰ পথাৰৰ পৰা কৃষকে ডাঙৰী বান্ধি সোণগুটীক কঢ়িয়ায় আনে ঘৰলৈ ৷
ৰাজ্যৰ আন আন ঠাইৰ লগতে আঘোনৰ পথাৰত ব্যস্ত হৈ পৰিছে চিৰাঙৰ দাৱনী ৷ নাৰনিত বহি একেলগে লৈছে ৰবাব টেঙাৰ জুতি ৷
চিক মিক কাঁচিৰে খিচ খিচ কৈ কাটিছে ধানৰ মুঠি ৷ নৰাৰ মাজে মাজে সৰি পৰা লেচেৰী বুটলি,নৰাৰ পেঁপা বজাই শিশু সকলেও দেও দি ফুৰিছে আঘোনৰ পথাৰত ৷
জাক জাক গাভৰুৰ জাউৰিয়ে জাউৰিয়ে বিহু নাম ৷ সোণোৱালী ধাননিৰ মাজত জাক জাক দাৱনীৰ কিৰিলি ৷ গাঁৱৰ পুৰুষ, মহিলা, জীয়ৰী, বোৱাৰী সকলো এতিয়া আনন্দ মনেৰে ব্যস্ত সোণগুটিৰ পথাৰত ৷
লগতে পঢ়ক: ন-কইনা সকলৰ বাবে বিশেষ সৌন্দৰ্য চৰ্চা