চিৰাং, 9 নৱেম্বৰ : অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা দিব্যাংগ লোকৰ সুবিধাৰ্থে সোমবাৰে চিৰাং জিলাত হুইল চেয়াৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ চিৰাং জিলা সদৰৰ জিলা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকে ৷
![wheel chair distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangwheelchairdistribution-vis-10012_08112021172308_0811f_1636372388_702.jpg)
বিধায়ক গৰাকীয়ে দিব্যাংগসকলৰ মাজত হুইল চেয়াৰ সমূহ বিতৰণ কৰে ৷ অনুষ্ঠানত চিৰাং জিলা সমিতিৰ সমাজ কল্যাণ বিষয়া সোমেশ্বৰ মুছাহাৰী, চিৰাং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিদিতা গগৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী সহ সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া আৰু দিব্যাংগ সকলৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, চিৰাং জিলাত সমাজ কল্যাণ বিভাগৰ উদ্যোগত মুঠ চাৰিহাজাৰ তিনিশ বিশেষভাৱে সক্ষম ব্যক্তিক চিনাক্ত কৰি উলিওৱা হৈছিল ৷ প্ৰথমটো কাৰ্যসূচী হিচাপে সমাজকল্যাণ বিভাগে তাৰ মাজত 20 গৰাকী দিব্যাংগ লোকক বাচনি কৰি হুইল চেয়াৰ প্ৰদান কৰে ৷
চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে সমাজৰ অক্ষম লোকসকলক সহায় কৰাৰ লগতে সকলোকে সমভাৱাপন্ন দৃষ্টিৰে চাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানৰ মাজতে বসুমতাৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগলৈ ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে চাওক : বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ