চিৰাং, 11 ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ পাছতে বিটিচিত এতিয়া ভোট গণনাৰ প্ৰস্তুতি তুংগত ৷ দুই এটা সৰু বৰ নিৰ্বাচনী সংঘাটৰ মাজেৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ সফল সমাপ্তি ঘটিছিল বৃহস্পতিবাৰে ৷ তাৰ পাছতে শুকুৰবাৰৰ পৰা ১৪৪ ধাৰা বলবৎ কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিৰাঙত চলিছে ভোট গণনাৰ প্ৰস্তুতি ৷ বিটিচিৰ চাৰিখনকৈ জিলাৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিত প্ৰতিদন্দিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব শনিবাৰে ৷
![vote counting preparation at chirang](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangcountingpreparationoverall-vis-10012_11122020165750_1112f_02116_716.jpg)
উল্লেখ্য যে, পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাত কোন দলে কিমান আসন লাভ কৰিব তাক লৈ বিভিন্ন মহলে গুণা গঠা চলাইছে যদিও শনিবাৰেহে সঠিক ফলাফল লাভ কৰিব ৷ ভোট গণনাৰ বাবে ইতিমধ্যে নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে জিলাখনত বলবৎ কৰিছে ১৪৪ ধাৰা ৷ ভোটগণনাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।
লগতে পঢ়ক: 27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি